নতুন দিল্লী , 25 মে' : ৰাষ্ট্ৰপতি ৰামনাথ ক'বিন্দক নৰেন্দ্ৰ মোডীৰ সাক্ষাৎ ৷ নেতাগৰাকীক দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি ৷
নৰেন্দ্ৰ মোডীক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি - ৰামনাথ ক'বিন্দ
ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 75 ভাগ 1 ৰ অধীনত প্ৰাপ্ত অধিকাৰ অনুসৰি নৰেন্দ্ৰ মোডীক প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে ৷
ETV BHARAT
শনিবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিগৰাকীক নৰেন্দ্ৰ মোডীয়ে সাক্ষাৎ কৰে ৷ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 75 ভাগ 1 ৰ অধীনত প্ৰাপ্ত অধিকাৰ অনুসৰি নৰেন্দ্ৰ মোডীক প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে ৷
ইয়াৰ পূৰ্বে এন ডি এৰ প্ৰতিনিধি দলে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি নৰেন্দ্ৰ মোডীক দলটোৰ সংসদীয় নেতা হিচাপে নিৰ্বাচিত কৰাৰ বিষয়ে আনুষ্ঠানিক ভাৱে অৱগত কৰে ৷