অসম

assam

By

Published : May 30, 2019, 1:38 PM IST

ETV Bharat / bharat

নতুন দিল্লীত উপস্থিত শ্ৰীলংকা আৰু ম্যানমাৰৰ ৰাষ্ট্ৰপতি

বৃহস্পতিবাৰে সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত উপস্থিত হৈছে বিমষ্টেক সহযোগী ৰাষ্ট্ৰৰ বহুকেইগৰাকী ৰাষ্ট্ৰপ্ৰধান ৷

নতুন দিল্লীত উপস্থিত শ্ৰী লংকা আৰু ম্যানমাৰৰ ৰাষ্ট্ৰপতি

নিউজ ডেস্ক, 30মেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে নতুন দিল্লীত আহি উপস্থিত বিমষ্টেকৰ সহযোগী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান ৷ ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈথ্ৰিপালা চিৰিসেনাৰ লগতে ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ ৱিন মাইন্ট ৷

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সপত্নীক আহি উপস্থিত হৈছে দুয়োগৰাকী ৰাষ্ট্ৰপ্ৰধান ৷

দেশৰ প্ৰধানমন্ত্ৰীৰূপে দ্বিতীয়টো কাৰ্যকালৰ বাবে আজি শপতগ্ৰহণ কৰিব নৰেন্দ্ৰ মোডীয়ে ৷ সন্ধিয়া 7 বজাৰ পৰা ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় কেবিনেটৰ শপতগ্ৰহণ অনুষ্ঠান ৷

অধিক পঢ়কঃ কোন কোন উপস্থিত থাকিব মোডীৰ শপতগ্ৰহণৰ অনুষ্ঠানত!

উল্লেখ্য যে, 2014 চনত প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত আমন্ত্ৰণ দিয়া হৈছিল ছাৰ্কৰ নেতৃত্বক ৷ কিন্তু শেহতীয়াকৈ চুবুৰীয়া পাকিস্তানৰ সৈতে উদ্ভৱ হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে এইবাৰৰ শপতগ্ৰহণ অনুষ্ঠানত ছাৰ্কৰ সলনি আমন্ত্ৰণ দিয়া হৈছে বিমষ্টেকৰ সহযোগী ৰাষ্ট্ৰপ্ৰধানসকলক ৷ একমাত্ৰ পাকিস্তানক এৰাই চলিবৰ বাবেই প্ৰধানমন্ত্ৰী মোডীয়ে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷

ABOUT THE AUTHOR

...view details