নিউজ ডেস্ক, 18 আগষ্টঃৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সোমবাৰে মানৱ সম্পদ উন্নয়ণ মন্ত্ৰণালয়ক শিক্ষা মন্ত্ৰণালয় হিচাপে নামাকৰণ কৰিবৰ বাবে সন্মতি প্ৰদান কৰে ৷ সোমবাৰে চৰকাৰী বিজ্ঞপ্তিৰ জৰিয়তে সদৰি কৰে এই কথা ৷ আনহাতে, বিষয় সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে বিগত সপ্তাহতে মঞ্জুৰী প্ৰদান কৰে বুলি উল্লেখ কৰে ৷
মানৱসম্পদ উন্নয়ণ মন্ত্ৰণালয়ক "শিক্ষা মন্ত্ৰণালয়"ৰে নামাকৰণৰ অনুমতি ৰাষ্ট্ৰপতিৰ - মানৱসম্পদ উন্নয়ণ মন্ত্ৰণালয়
সোমবাৰে মানৱসম্পদ উন্নয়ণ মন্ত্ৰণালয়ৰ নাম পৰিৱৰ্তন কৰি শিক্ষা মন্ত্ৰণালয় কৰিবলৈ অনুমতি প্ৰদান কৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে ৷ চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ এই কথা ৷
সোমবাৰে প্ৰকাশিত এখন বিজ্ঞপ্তিত উল্লেখ কৰে যে, দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে মানৱ সম্পদ উন্নয়ণ মন্ত্ৰণালয়ৰ নাম পৰিৱৰ্তন কৰি "শিক্ষা মন্ত্ৰণালয়" কৰাৰ বাবে অনুমতি প্ৰদান কৰে ৷ ইয়াৰ পূৰ্বে অৰ্থাৎ জুলাইত কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে মানৱ সম্পদ উন্নয়ন বিকাশ মন্ত্ৰণালয় নাম পৰিৱৰ্তন কৰি শিক্ষা মন্ত্ৰণালয় কৰাৰ নিৰ্ণয় লয় বুলিও সদৰি কৰে ৷ উল্লেখ্য যে, 1985 চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ কাৰ্যকালত শিক্ষা মন্ত্ৰণালয়ৰ নাম সলনি কৰি মানৱ সম্পদ উন্নয়ণ মন্ত্ৰণালয় কৰে ৷
লগতে পঢ়কঃকাশ্মীৰৰ বাৰামুল্লাত সেনাৰ অভিযানত নিহত এলইটিৰ শীৰ্ষ বিষয়াসহ দুই সদস্য