অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰপতি পত্নী সবিতা কোবিন্দ ব্যস্ত মাস্ক প্ৰস্তুত কৰাত ! - সবিতা কোবিন্দ ব্যস্ত মাস্ক প্ৰস্তুত কৰাত

দেশৰ প্ৰথম নাগৰিক, ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পত্নী সবিতা কোবিন্দক দেখিবলৈ পোৱা গ'ল এক অনন্য ৰূপত । ৰাষ্ট্ৰপতিৰ পত্নী হৈয়ো আশ্ৰয়গৃহৰ লোকসকলৰ বাবে মাস্ক প্ৰস্তুত কৰে সবিতা কোবিন্দে ।

ৰাষ্ট্ৰপতি পত্নী সবিতা কোবিন্দ ব্যস্ত মাস্ক প্ৰস্তুতত
ৰাষ্ট্ৰপতি পত্নী সবিতা কোবিন্দ ব্যস্ত মাস্ক প্ৰস্তুতত

By

Published : Apr 23, 2020, 11:02 AM IST

Updated : Apr 23, 2020, 7:44 PM IST

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃদেশৰ ৰাষ্ট্ৰপতিৰ পত্নী সবিতা কোবিন্দক দেখা গ'ল এক অনন্য ৰূপত । দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ শক্তি হাটত চিলাই মেচিনৰ সহায়ত ফেচ মাস্ক প্ৰস্তুত কৰি থকা অৱস্থাত পৰিলক্ষিত হয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পত্নী সবিতা কোবিন্দক । দিল্লী চেল্টাৰ ইমপ্ৰুভমেন্ট বোৰ্ডৰ অধীনস্থ বিভিন্ন আশ্ৰয়গৃহ সমূহত থকা লোকসকলৰ বাবে এইদৰে মাস্ক প্ৰস্তুত কৰি থকা দেখা যায় সবিতা কোবিন্দক ।

কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে চলি থকা যুঁজখনত সকলোৱে নিজৰ সাধ্যানুসাৰে সহযোগিতা আাগবঢ়াইছে । দেশৰ ৰাষ্ট্ৰপতিৰ পত্নী হৈ এইদৰে মাস্ক চিলাই দেশবাসীক সহায়ৰ বাবে আগবাঢ়ি অহাটো নিশ্চয়কৈ প্ৰশংসনীয় । ভাৰতৰ দৰে এখন দেশত ৰাষ্ট্ৰপতিৰ পত্নী হৈ সাধাৰণ জনতাৰ বাবে মাস্ক প্ৰস্তুত কৰা অথবা এনেদৰে কাম কৰা এয়াই হয়টো প্ৰথম । ৰাষ্ট্ৰপতি পত্নী সবিতা কোবিন্দৰ এই কাৰ্যক সকলোৱে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়কঃ১৪ খন জিলাত ২৮ খন ফাষ্ট ট্ৰেক আদালত স্থাপনৰ সিদ্ধান্ত

Last Updated : Apr 23, 2020, 7:44 PM IST

ABOUT THE AUTHOR

...view details