নেশ্যনেল ডেক্স, 16 আগষ্টঃদেওবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী উপলক্ষে দিল্লীৰ আজাদ ভৱনৰ ভাৰতীয় সাংস্কৃতিক সম্বন্ধ পৰিষদত তেখেতৰ প্ৰতিৰ্মূৰ্তি ভাৰ্চুৱেলী উন্মোচন কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ ৰাজ্যৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী (ৰাজ্যিক) ভি. মুৰলীধৰণ আৰু ভাৰতীয় সাংস্কৃতিক সম্বন্ধ পৰিষদৰ সভাপতি ড৹ বিনয় সহস্ৰবুদ্ধেৰ উপস্থিতিত দিনৰ 11 বজাত প্ৰতিমূৰ্তিটো উদ্বোধন কৰা হয় ৷
1924 চনৰ 25 ডিচেম্বৰত মধ্য প্ৰদেশৰ গোৱালিয়ৰত জন্মগ্ৰহণ কৰিছিল প্ৰাক্তন বিজেপি নেতাগৰাকীয়ে ৷ তেখেত 1996, 1998ৰ পৰা 1999 আৰু 1999ৰ পৰা 2004 লৈ তিনিবাৰকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিস্থিত হৈছিল ৷ ৰাজনীতিৰ উপৰিও তেখেত এগৰাকী কবি আৰু লিখকো আছিল ৷