নিউজ ডেস্ক, 27 অক্টোবৰঃ পোহৰৰ উৎসৱ দীপাৱলীৰ শুভক্ষণত দেশবাসীক উদ্দেশ্যি শুভেচ্ছা জ্ঞাপন কৰে ৰাষ্ট্ৰপতিকে ধৰি প্ৰধানমন্ত্ৰী আৰু অন্যান্য ৰাজনৈতিক নেতাসকলে ৷ টুইটাৰযোগে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে নেতাসকলে ৷
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে টুইটাৰত ইংৰাজী আৰু হিন্দী ভাষাত দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ ৰাষ্ট্ৰপতিয়ে "দিপাৱলীৰ শুভক্ষণত দেশবাসীক বহুত শুভেচ্ছা ৷ আহক আজিৰ এই দিনটোত আমি প্ৰেম, সহানুভূতি আৰু মিলা-প্ৰীতিৰ দীপক জ্বলাই সকলোৰে, বিশেষকৈ অভাৱত থকাসকলৰ জীৱনত সুখ আনিবলৈ প্ৰয়াস কৰো ৷" বুলি টুইট কৰে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক উদ্দেশ্যি দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ "মন কি বাত" সম্বোধন কৰাৰ লগতে দেশবাসীৰ উদ্দেশ্যি টুইট কৰি দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ টুইটটোত "দীপাৱলীৰ এই পবিত্ৰ ক্ষণত দেশবাসীক বহুত বহুত শুভকামনা ৷ পোহৰৰ এই উৎসৱত আমাৰ সকলোৰে জীৱনত নতুন প্ৰকাশেৰে দেশ সদায় সুখ, সমৃদ্ধি আৰু সৌভাগ্যৰে আলোকিত হৈ পৰক ৷" বুলি দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ টুইটাৰত টুইট কৰি দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ টুইটটোত "দীপাৱলীৰ সকলোকে শুভকামনা জ্ঞাপন কৰে ৷ এই উৎসৱে আপোনালোকৰ জীৱনত সুখ, সমৃদ্ধি আৰু উল্লাস লৈ আনক, ভগৱানৰ ওচৰত এয়াই কামনা ৷" বুলি দেশবাসীৰ উদ্দেশ্যে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইট কৰি দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ অমিত শ্বাহে "এই দীপাৱলীত সকলোৰে জীৱন নতুন পোহৰ, সম্বৃদ্ধি আৰু সৌভাগ্যৰে উপচি পৰক ৷ সকলোকে দীপাৱলীৰ শুভকামনা ৷" বুলি টুইট কৰে ৷
কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে টুইটাৰত ভিডিঅ' আপলোড কৰি দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ গাডকাৰীয়ে ভিডিঅ'টোত "দীপাৱলীৰ বাবে বহুত বহুত শুভকামনা আৰু শুভেচ্ছা ৷ আমাৰ এই দীপাৱলীয়ে আন্ধাৰ নাশি বিকাশৰ পোহৰ আনিব এয়া মোৰ বিশ্বাস ৷ সকলোলৈকে দীপাৱলীৰ বহুত বহুত শুভকামনা ৷" বুলি টুইট কৰে ৷
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৰাজ্যবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ টুইট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীক পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে ৷