নতুন দিল্লী,4 জুন: 30 মে'ত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ সমাৰোহৰ সম্প্ৰচাৰ কৰিছিল তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে ৷ এই অনুষ্ঠানৰ উকৃষ্ট সম্প্ৰচাৰৰ বাবে আই বি মন্ত্ৰণালয়ক প্ৰশংসাৰে উপচাই পেলাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷
মন্ত্ৰণালয়ৰ এজন বিষয়াই জনোৱা অনুসৰি আই বিৰ সচিব অমিত খৰেৰ নেতৃত্বত সোমবাৰে এক প্ৰতিনিধিৰ দলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰি সকলো মেইনষ্ট্ৰিম আৰু চ'ছিয়েল মিডিয়াত সমাৰোহৰ বিস্তৃত আৰু বিশ্ব স্তৰৰ সম্প্ৰচাৰৰ বাবে বিভিন্ন মিডিয়াই লোৱা পদক্ষেপ সমূহৰ বিষয়ে বৰ্ণনা কৰে ৷