অসম

assam

ETV Bharat / bharat

দুৰ্গা পূজা উপলক্ষে দেশবাসীক শুভেচ্ছা ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ

দুৰ্গা পূজা উপলক্ষে সমগ্ৰ দেশবাসীকে পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ টুইটযোগে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে ৰাষ্ট্ৰপ্ৰধান দুগৰাকীয়ে ৷

By

Published : Oct 8, 2019, 1:08 AM IST

দেশবাসীক পূজাৰ শুভেচ্ছা জ্ঞাপন ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক, 6 অক্টোবৰঃসমগ্ৰ দেশবাসীকে দুৰ্গা পূজা উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে দেশৰ ৰাষ্ট্ৰপ্ৰধান দুগৰাকীয়ে ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে দেশবাসীক দুৰ্গাপূজাৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

ইংৰাজী, হিন্দী আৰু বাংলা ভাষাত টুইট কৰি দেশবাসীক দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ "পবিত্ৰ দুৰ্গাপূজা উপলক্ষে দেশে-বিদেশে থকা সকলো ভাৰতীয়কে আন্তৰিক শুভেচ্ছাৰ লগতে অভিনন্দন ৷ অশুভ শক্তিক বিনাশ কৰি শুভ শক্তিৰ জয়ৰ উদযাপন হৈছে এই উৎসৱ ৷ দেৱী দুৰ্গাৰ আশীৰ্বাদত আমাৰ সকলোৰে জীৱন সুখ আৰু সম্বৃদ্ধিৰে ভৰি পৰক ৷" এইদৰে টুইট কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

একেদৰেই মহাঅষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে দেশবাসীক উদ্দেশ্যি টুইট কৰে ৷ "নৱৰাত্ৰিৰ মহাঅষ্টমীত সকলোকে শুভেচ্ছা ৷ দুৰ্গাঅষ্টমীৰ আৰাধ্য দেৱী মহাগৌৰীয়ে আমাৰ সকলোৰে জীৱনত সৌভাগ্য আৰু সম্বৃদ্ধি আনক ৷" এইদৰে টুইট কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details