নিউজ ডেস্ক, 19 ডিচেম্বৰঃআমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত হোৱা মহা অভিযোগৰ প্ৰস্তাৱ বুধবাৰে'হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভ'ত গৃহীত হয় ৷ ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত লোকচক্ষুত তেওঁৰ প্ৰতিদ্বন্দীক হেয় প্ৰতিপন্ন কৰিবৰ বাবে ইউক্ৰেইনৰ পৰা বে আইনীভাৱে সহায় লোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷
জানিব পৰা মতে, ট্ৰাম্পৰ বিৰুদ্ধে 'হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভ'ত মহাঅভিযোগৰ প্ৰস্তাৱ গৃহীত হৈছে যদিও তেওঁক ক্ষমতাচ্যুত কৰা সহজ নহয় ৷ মহা অভিযোগৰ প্ৰস্তাৱ নিম্ন হাউচত গৃহীত হোৱাৰ পাচত সম্প্ৰতি উচ্চ সদন চিনেটত এই মহাঅভিযোগৰ গোচৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব৷ উল্লেখ্য যে, 'হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভ'ত ড'নাল্ড ট্ৰাম্পৰ দল ৰিপাব্লিকানৰ বহুমত নাই আৰু 'হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভ'ত ডেম'ক্ৰেটিকৰ নিয়ন্ত্ৰণ আছে ৷ যদি 20 জন ৰিপাব্লিকান সাংসদে তেওঁৰ বিৰুদ্ধে মাত মাতে তেন্তে তেওঁক ক্ষমতাচ্যুত কৰা যাব পাৰে, কিন্তু তেনে হোৱাৰ আশংকা যথেষ্ট কম ৷
ইপিনে, মঙলবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে হোৱাইট হাউচৰ অধ্যক্ষ নেন্সি পেলোচী আৰু বিৰোধী দল ডেম'ক্ৰেটিকলৈ এখন চিঠি লিখি তেওঁলোকে আমেৰিকাৰ গণতন্ত্ৰক নষ্ট কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ কৰে ৷ ট্ৰাম্পে কয় যে,তেওঁৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰি তেওঁলোকে আমেৰিকান গণতন্ত্ৰৰ ওপৰত মুকলিকৈ যুদ্ধ ঘোষণা কৰিছে ৷ সেয়ে তেওঁ হোৱাইট হাউচৰ অধ্যক্ষ গৰাকীক শীঘ্ৰে এই মহাঅভিযোগ প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ আহ্বান জনায় ৷ ইয়াৰোপৰিও তেওঁ পত্ৰ খনত অভিযোগ কৰে যে অবৈধ মহাঅভিযোগ প্ৰক্ৰিয়া আৰম্ভ কৰি হাউচৰ অধ্যক্ষ গৰাকীয়ে নিজৰ পদৰ বাবে লোৱা শপতৰ উলংঘা কৰিছে ৷
উল্লেখ্য যে,ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহাঅভিযোগ উত্থাপিত হোৱাৰ পূৰ্ৱে দুজন আমেৰিকান ৰাষ্ট্ৰপতিৰ ওপৰত এই মহা অভিযোগ উত্থাপিত হৈছিল ৷ 1863 চনত এণ্ডিউ জনচন আৰু 1998 চনত বিল ক্লিন্টনৰ ওপৰত মহা অভিযোগৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৷ অৱশ্যে দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে নিজে পদৰ পৰা অপসাৰিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হয় ৷ ৰাষ্ট্ৰপতি ৰিচাৰ্দ নিক্সনৰ বিৰুদ্ধেও এই মহাঅভিযোগ উত্থাপিত হৈছিল যদিও মহাঅভিযোগ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্ৱে 1974ত তেওঁ পদত্যাগ কৰে ৷
লগতে পঢ়ক - গুৱাহাটীত প্ৰতিবাদত নামিল মাৰোৱাৰী সমাজ