অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰপতি ভৱনত দেশৰ শীৰ্ষস্থানীয় উচ্চশিক্ষা প্ৰতিষ্ঠানৰ 46 জন প্ৰমুখ্যৰ সন্মিলন - ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

এই সন্মিলনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উচ্চাশিক্ষা প্ৰতিষ্ঠানৰ কল্পনা, স্থাপনা আৰু প্ৰশাসন কৰিবলৈ দেশত যাতে এটা পৰিচালক, ডীন আৰু প্ৰশাসকৰ টেলেন্ট পুল তৈয়াৰ থাকে, এই বিষয়ত সুনিশ্চিত কৰিব বুলি তেওঁ মন্তব্য কৰে ৷

President chairs conference of 46 heads
উচ্চশিক্ষা প্ৰতিষ্ঠানৰ 46 জন প্ৰমুখ্যৰ সন্মিলন

By

Published : Dec 15, 2019, 11:11 AM IST


নিউজ ডেস্ক, 15 ডিচেম্বৰঃ"দেশৰ শীৰ্ষস্থানীয় উচ্চশিক্ষা প্ৰতিষ্ঠানৰ সমূহৰ প্ৰধান সমূহে আগন্তুক প্ৰজন্মৰ একাডেমিক প্ৰশাসক সকলৰ বাবে নেতৃত্ব গুৰু হিচাপে ভূমিকা গ্ৰহণ কৰিব লাগে" ৷ শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত বিশ্ববিদ্যালয় আৰু উচ্চশিক্ষা প্ৰতিষ্ঠানৰ 46 জন প্ৰমুখ উপস্থিত থকা এক সন্মিলনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই মন্তব্য কৰে ৷

ৰাষ্ট্ৰপতি ভৱনৰ এক বিবৃতি অনুসৰি, ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে এই প্ৰতিষ্ঠান সমূহ দেশৰ সামাজিক আৰু আৰ্থিক লক্ষ্য প্ৰাপ্তিত সহায়ক হ'ব ৷ তেওঁ কয় যে উৎপাদনশীলতা আৰু আমাৰ কৃষকসকলক প্ৰয়োজনীয় গৱেষণাৰ মাধ্যমেৰে সমৰ্থন কৰাৰ জাতীয় লক্ষ্যত কেন্দ্ৰীয় বিশ্ববিদ্যালয় সমূহ বিশেষভাৱে সহায়ক হ'ব ৷ একেদৰে বিমানচালনা,সমুদ্ৰবিদ্যা,পেট্ৰ'লিয়াম,শক্তি,আইটি,ডিজাইন আৰু আৰ্কিটেক্সাৰকে ধৰি বিভিন্ন বিষয়ত সংযুক্ত থকা সকলো প্ৰতিষ্ঠান সমূহো এই ক্ষেত্ৰত সহায়ক হ'ব ৷ ইয়াৰোপৰিও তেওঁ কয় যে উচ্চাশিক্ষা প্ৰতিষ্ঠানৰ কল্পনা,স্থাপনা আৰু প্ৰশাসন কৰিবলৈ দেশত যাতে এটা পৰিচালক,ডীন আৰু প্ৰশাসকৰ টেলেন্ট পুল তৈয়াৰ থাকে, এই বিষয়ত তেওঁ সুনিশ্চিত কৰিব ৷ উল্লেখ্য যে শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত বিশ্ববিদ্যালয় আৰু উচ্চশিক্ষা প্ৰতিষ্ঠানৰ 46 জন প্ৰমুখ্যৰ সৈতে কৃষি,ফাৰ্মাচিউটিকেলচ্,বিমানচালনা,ডিজাইন,ফেশ্বন,পেট্ৰোলিয়াম,সমুদ্ৰবিদ্যা, আৰ্কিটেক্সাৰ আদি কৰি বিভিন্ন বিষয়ৰ আলোচনাৰে এক সন্মিলন অনুষ্ঠিত কৰা হয় ৷

লগতে পঢ়ক - জাতিৰ আৱেগক বুঢ়া আঙুলি ডনবস্কৰ

ABOUT THE AUTHOR

...view details