অসম

assam

ETV Bharat / bharat

অশোক লাবাছাৰ পদত্যাগ পত্ৰ গ্ৰহণ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ - লোকসভা নিৰ্বাচন

অশোক লাবাছাক বৰ্তমান ফিলিপাইনছস্থিত এচিয়ান ডেবলপমেন্ট বেংক (ADB) ৰ উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হ‘ব ৷ তেখেতে অহা মাহত নিজৰ নতুন দায়িত্বভাৰ গ্ৰহণ কৰিব ৷

President accepts Ashok Lavasa's resignation as election commissioner
অশোক লাবাছাৰ পদত্যাগ পত্ৰ গ্ৰহণ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ

By

Published : Aug 19, 2020, 12:45 PM IST

নিউজ ডেস্ক, 19 আগষ্ট :ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বুধবাৰে পূৰ্বৰ নিৰ্বাচন আয়ুক্ত (EC) অশোক লাবাছাৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে ৷ 31 আগষ্টত লাবাছাক 31 আগষ্টত তেখেতৰ কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হ‘ব ৷

উল্লেখ্য যে, নিৰ্বাচন আয়ুক্ত অশোক লাবাছাই মঙলবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ হাতত নিজৰ পদত্যাগ পত্ৰ প্ৰদান কৰিছিল ৷

এতিয়া তেখেতক ফিলিপাইনছস্থিত এচিয়ান ডেবলপমেন্ট বেংক (ADB) ৰ উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হ‘ব ৷ তেখেতে অহা মাহত নিজৰ নতুন দায়িত্বভাৰ গ্ৰহণ কৰিব ৷

উল্লেখ্য যে, অশোক লাবাছা বিগত লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোডী আৰু অমিত শ্বাহক নিৰ্বাচন আয়োগৰ দ্বাৰা ক্নিনশ্বিট দিয়া কাৰ্যৰ বিৰোধিতা কৰি চৰ্চালৈ আহিছিল ৷

লগতে পঢ়ক :সুশান্তৰ মৃত্যু গোচৰ : চিবিআই তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details