অসম

assam

ETV Bharat / bharat

ক’ভিড-19 আৰু চীনৰ প্ৰত্যাহ্বান প্ৰতিৰোধ কৰিবলৈ সীমান্তত আমি সাজুঃ নৌ-সেনা প্ৰধান

নেভি ডেৰ প্ৰাকক্ষণত এক সংবাদমেলযোগে নৌ-সেনা প্ৰধানে কয় যে, এলচিৰ ওপৰত চীনা সেনাই কৰা আক্ৰমণক প্ৰত্যাহ্বান জনাবলৈ নৌ সেনাই, সেনা আৰু বায়ু সেনাৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰি আছে ৷ লগতে তেওঁ সদৰী কৰে যে, চীনা গৱেষণা বা অন্যান্য সামুদ্ৰিক বন্দৰৰ দ্বাৰা ভাৰতীয় মহাসাগৰীয় অঞ্চলত কোনো ধৰণৰ আক্ৰমণৰ চেষ্টা কৰিলে তাক যি কোনো মূৰ্হূতত প্ৰতিহত কৰিবলৈ সাজু ভাৰতীয় নৌ-সেনা ৷

Prepared to face both COVID-19, Chinese challenge on LAC: Navy chief
ক’ভিড-19 আৰু চীনৰ প্ৰত্যাহ্বান সীমান্তত প্ৰতিৰোধ কৰিবলৈ সাজুঃ নৌ-সেনা প্ৰধান

By

Published : Dec 3, 2020, 9:48 PM IST

নিউজ ডেস্ক,3 ডিচেম্বৰঃ শনিবাৰে নৌ-সেনা প্ৰধান এমিৰিয়েল প্ৰধান কৰমবীৰ সিঙে ভাৰত আৰু চীনৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ সময়তে বিশেষ মন্তব্য কৰে৷ তেওঁ কয় যে, ক‘ভিড-19ৰ ভয়াৱহতা আৰু চীনৰ আক্ৰমণকো প্ৰতিহত কৰিবলৈ সাজু ভাৰতীয় নৌ সেনা ৷ যি সময়ত চীনা সীমান্তত পি-8আইৰ সেনা মোতায়ন কৰিছে ৷

উল্লেখযোগ্য যে, নেভি ডেৰ প্ৰাকক্ষণত এক সংবাদমেল যোগে তেওঁ কয় যে, এলচিৰ ওপৰত চীনা সেনাই কৰা আক্ৰমণক প্ৰত্যাহ্বান জনাবলৈ নৌ সেনাই, সেনা আৰু বায়ু সেনাৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰি আছে ৷ লগতে তেওঁ সদৰী কৰে যে, চীনা গৱেষণা বা অন্যান্য সামুদ্ৰিক বন্দৰৰ দ্বাৰা ভাৰতীয় মহাসাগৰীয় অঞ্চলত কোনো ধৰণৰ আক্ৰমণৰ চেষ্টা কৰিলে, তাক যি কোনো মূৰ্হূতত প্ৰতিহত কৰিবলৈ সাজু ভাৰতীয় নৌ-সেনা ৷ সিঙে লগতে কয় যে, বায়ু সেনাই সীমান্তৰ বিভিন্ন অঞ্চলত পি-8আই বিমান যোগে সমগ্ৰ পৰিৱেশ নিৰিক্ষণ কৰি আছে ৷ তাৰোপৰি নৌ সেনাই উত্তৰ প্ৰান্তত বিশেষ ড্ৰ’নৰ জৰিয়তে পৰিস্থিতি নিৰীক্ষণ কৰি আছে ৷

বৰ্তমান পৰ্যন্ত তিনিখন চীনা জাহাজ ভাৰতীয় মহাসাগৰ অঞ্চলত আছে ৷ চীনে 2008 চনৰ পৰাই চোৰাংচোৱা -প্ৰতিৰোধী কাৰ্যকলাপৰ বাবে তিনিখন জাহাজৰে সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰি আহিছে ৷ সিঙে বিশেষ ভাৱে মন্তব্য কৰি কয় যে, ভাৰতীয় নৌ সেনাৰ সাৰ্মথ্যৰ আৰু শক্তিৰ গুৰুত্ব বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সাগৰ পৃষ্ঠৰ তলত নৌ-সেনাৰ ক্ষমতা অধিক বৃদ্ধি কৰিবলৈ মনোযোগ দি আহিছে ৷ তেওঁ লগতে কয় যে, ভাৰতৰ নৌ সেনাত ভৱিষ্যতে 43 খন জাহাজ, 41 খন চাবমেৰিন জাহাজ নৌ সেনাৰ বাবে ভাৰততে নিৰ্মাণ কৰা হ’ব ৷ তাৰ সমান্তৰালকৈ ভাৰতীয় নৌ-সেনাক ড্ৰোণ আক্ৰমণৰ পৰা সুৰক্ষিত কৰিবলৈ ড্ৰোণ- প্ৰতিৰোধী সঁজুলি স্মাশ্ব-200- ৰাইফল ক্ৰয় কৰি আনিছে ৷ যাৰ জৰিয়তে চীনা সৈন্যৰ আক্ৰমণ যি কোনো পৰিস্থিতিত প্ৰতিৰোধ কৰিব পৰা যাব বুলি মতপোষণ কৰে নৌ-সেনা প্ৰধান গৰাকীয়ে ৷

ইপিনে সিঙে সদৰি কৰে যে, ভাৰতীয় নৌ সেনাত মহিলা সকলকো নিযুক্তি দিয়া হৈছে ৷ বিগত নৱেম্বৰ মাহত চাৰিগৰাকীকৈ মহিলাক নৌ-সেনাৰ বিষয়া হিচাপে নিযুক্তি প্ৰদান কৰিছে ৷ মালদ্বীপ আৰু ৰাছিয়াত দুগৰাকীকৈ বিষয়াক নিযুক্তি প্ৰদান কৰিছে আৰু তেওঁলোকে ইতিমধ্যে অনুশীলনত ব্যস্ত হৈ পৰিছে বুলি সিঙে উল্লেখ কৰে ৷

লগতে পঢ়কঃ তদন্তকাৰী সংস্থাৰ কাৰ্যালয়ত চিচিটিভি কেমেৰা সংস্থাপনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details