নেশ্বনেল ডেস্ক , 2 জানুৱাৰীঃ71 তম গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে অগ্ৰসৰ হৈছে ভাৰতবৰ্ষ ৷ ইতিমধ্যেই দিল্লীৰ ইণ্ডিয়া গে'টৰ সমুখত আৰম্ভ হৈছে গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতি ৷ প্ৰত্যেক বছৰেই গণতন্ত্ৰ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনৰ সমুখত বিশেষ কাৰ্যক্ৰমৰ আয়োজন কৰা হয় ৷ প্ৰত্যেক বছৰেই গণতন্ত্ৰ দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠান উপভোগ কৰিবৰ বাবে দেশৰ বহু লাখ লোক সমবেত হোৱাৰ লগতে সেই ক্ষণৰ সাক্ষী হ'বলৈ বহু বিদেশী লোকো ইণ্ডিয়া গে'টৰ সমুখত উপস্থিত হয় ৷
প্ৰত্যেক বছৰে গণতন্ত্ৰ দিৱসৰ প্ৰায় এমাহ আগৰে পৰাই সেই অনুষ্ঠানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হয় ৷ সুৰক্ষা, চৌপাশ পৰিস্কাৰ, সজ্জাৰ বাবে বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হয় ৷ ৰাজপথৰ কাষৰ মৈদানত প্ৰায় এমাহ আগৰে পৰাই দৰ্শকৰ বাবে আসনৰ ব্যৱস্থা কৰাৰ লগতে ইণ্ডিয়া গে’টৰ ওচৰত থকা হ্ৰদ সমূহ চাফা কৰাৰ ব্যৱস্থা কৰা হয় ৷ বিগত বৰ্ষসমূহৰ দৰে এই বছৰো দেশ বিদেশৰ বহু বিশিষ্ট অতিথি এই বিশেষ অনুষ্ঠানটোত উপস্থিত থাকিব ৷