নিউজ ডেস্ক, 22 অক্টোবৰ: তেলেংগানাৰ মেডচল-মালকাজগিৰি জিলাৰ পাপীৰেড্ডী নগৰত এগৰাকী পাঁচমহীয়া গৰ্ভৱৰ্তী মহিলাই আত্মহত্যা সংঘটিত কৰে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, মৃত মহিলা গৰাকীৰ মাতৃয়ে নিজৰ কন্যাৰ স্বামী আৰু স্বামী পৰিয়ালে যৌতুকৰ বাবে হাৰাশাস্তি কৰি থকা বুলি অভিযোগ দাখিল কৰিছে ৷ জাগাদগিৰি গুট্টা আৰক্ষী থানাৰ এগৰাকী বিষয়াই সংবাদ প্ৰতিস্থান ANI ক জনায় যে, " পাঁচমহীয়া গৰ্ভৱৰ্তী মৃতক কৃষ্ণা প্ৰিয়াই যোৱাকালি নিশা প্ৰায় 8:30 বজাত চীপ লৈ আত্মহত্যা কৰে ৷ "
স্বামী পৰিয়ালৰ যৌতুক দাবীঃ গৰ্ভৱৰ্তী মহিলাৰ আত্মহত্যা - গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে
তেলেংগানাৰ মেডচল-মালকাজগিৰি জিলাৰ পাপীৰেড্ডী নগৰত এগৰাকী পাঁচমহীয়া গৰ্ভৱৰ্তী মহিলাই আত্মহত্যা সংঘটিত কৰে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, মৃত মহিলা গৰাকীৰ মাতৃয়ে নিজৰ কন্যাৰ স্বামী আৰু স্বামী পৰিয়ালে যৌতুকৰ বাবে হাৰাশাস্তি কৰি থকা বুলি অভিযোগ দাখিল কৰিছে ৷
যৌতুক দাবী স্বামী পৰিয়ালৰঃ গৰ্ভৱৰ্তী মহিলাৰ আত্মহত্যা
সম্প্ৰতি আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে ঘটনাৰে জড়িত থকাৰ অভিযোগত কোনো অভিযুক্তক আটক কৰা হোৱা নাই ৷
লগতে পঢ়ক: কয়লা খনিত প্ৰাণ হেৰুৱালে 11 জন শ্ৰমিকে