নিউজ ডেস্ক, 15 এপ্ৰিলঃ দেশব্যাপী লক ডাউন অব্যাহত থকাৰ সময়তে এগৰাকী গৰ্ভৱতী মহিলাক জৰুৰীকালীনভাৱে বিমানেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ হিমাচল প্ৰদেশৰ লাহোৱাল চিপ্তিৰ গৰ্ভৱতী মহিলাগৰাকীৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাৰ পিচতে স্থানীয় প্ৰশাসন আৰু চৰকাৰৰ সহযোগত মহিলাগৰাকীক চিমলাস্থিত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
হিমাচল প্ৰদেশৰ এগৰাকী চৰকাৰী মুখপাত্ৰই এই কথা প্ৰকাশ কৰিছে ৷ গৰ্ভৱতী মহিলাগৰাকী লাহোৱাল চিপ্তি জিলাৰ কাজা মহকুমাৰ পাংমো গাঁৱৰ বাসিন্দা টেনজিং খাচিত বুলি জানিব পৰা গৈছে আৰু তেওঁক কমলা নেহৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ বিগত 13 এপ্ৰিলতে মহিলাগৰাকীক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে এইদৰে বিমানেৰে চিমলালৈ প্ৰেৰণ কৰা হয় ৷