অসম

assam

ETV Bharat / bharat

লকডাউনঃ গৰ্ভৱতী হৈয়ো কৰ্ম সম্পাদন কৰা মহকুমা দণ্ডাধীশ সুমিত্ৰা পাৰীক

ৰাজস্থানৰ পালিত ৭ মহীয়া গৰ্ভৱতী মহকুমা দণ্ডাধীশ সুমিত্ৰা পাৰীকে লকডাউনৰ এই সময়ছোৱাত নিজৰ কৰ্মক্ষেত্ৰত লৈছে এক প্ৰশংসনীয় পদক্ষেপ । বিশেষকৈ গৰ্ভৱতী মহিলাসকলৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিভিন্ন সুৰক্ষা ব্যৱস্থা হাতত লৈছে ।

গৰ্ভৱতী মহকুমা দণ্ডাধীশ সুমিত্ৰা পাৰীকৰ প্ৰশংসনীয় পদক্ষেপ
গৰ্ভৱতী মহকুমা দণ্ডাধীশ সুমিত্ৰা পাৰীকৰ প্ৰশংসনীয় পদক্ষেপ

By

Published : May 31, 2020, 8:43 PM IST

নেশ্যনেল ডেস্ক, ৩১ মে':সমগ্ৰ বিশ্ব মহামাৰী কৰ'ণা ভাইৰাছৰ সৈতে মোকাবিলা কৰি থকাৰ সময়তে ৰাজস্থানৰ পালিত ৭ মহীয়া গৰ্ভৱতী মহকুমা দণ্ডাধীশ সুমিত্ৰা পাৰীক সকলোৰে বাবে এক আদৰ্শস্বৰূপ হৈ পৰিছে । ৭ মহীয়া গৰ্ভৱতী অৱস্থাতো নিজৰ স্বাস্থ্যক আওকাণ কৰি পালিৰ লোকসকলৰ সহায়ৰ অৰ্থে আগবাঢ়ি আহে মহকুমা দণ্ডাধীশগৰাকীয়ে ।

নিজ ঘৰতেই কাৰ্যালয় খুলি স্থানীয় লোকৰ সমস্যা সমাধানত গুৰুত্ব প্ৰদান কৰাৰ উপৰিও দৈনিক ১৫ ঘণ্টা কাৰ্যালয়ৰ কামত সময় অতিবাহিত কৰি আছে সুমিত্ৰা পাৰীকে । সমস্যা সমাধানৰ উপৰিও তেওঁ কিছুমান ব্যৱস্থা হাতত লৈছে, যিবোৰে কৰ'ণা ভাইৰাছৰ পৰা অঞ্চলবাসীক সুৰক্ষা দিব পাৰে । লগতে এই সন্দৰ্ভত তেওঁ এটা হেল্পলাইন নম্বৰো খুলি দিয়ে ।

আৰক্ষী বন্ধুঃসুমিত্ৰা পাৰীকে চৰকাৰী সংগঠনৰ যোগেদি ৪ জন লোকৰ এটাকৈ দল গঠন কৰি দিয়ে যাতে দলসমূহে কৰ'ণাত আক্ৰান্তসকলক হাস্পতাললৈ নিয়াত সহায় কৰিব পাৰে । আৰক্ষী বন্ধুৰ এই দলৰ এক সুকীয়া ইউনিফৰ্ম আছে ।

মহিলা কোৱাৰেণ্টাইন কেন্দ্ৰঃমহিলাসমূহৰ বিশেষ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মহকুমা দণ্ডাধীশগৰাকীয়ে কৰ'ণাত আক্ৰান্ত মহিলাসকলৰ বাবে সুকীয়াকৈ কোৱাৰেণ্টাইন কেন্দ্ৰ নিৰ্মাণ কৰাৰ লগতে কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত একোজনকৈ গাৰ্ডো নিযুক্তি দিয়ে ।

অক্ষয় অন্নপূৰ্ণা ফাণ্ডঃ সুমিত্ৰা পাৰীকে ১০৩ খন গেলামাল দোকান আৰু ৫১ খন ঔষধৰ দোকানত অক্ষয় অন্নপূৰ্ণা নিধিৰ ব্যৱস্থা গ্ৰহণ কৰে । ৫ টা দলত ভাগ কৰি দিয়াৰ লগতে মানুহে এই ফাণ্ডৰ দ্বাৰা সাহাৰ্য আগবঢ়াব পাৰে । বৰ্তমানলৈ ১০০০ টা খাদ্যৰ পেকেট বিতৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

গৰ্ভৱতী মহিলাৰ বাবে বিশেষ ব্যৱস্থাঃঅহা ডিচেম্বৰ মাহলৈ প্ৰসৱ কৰিবলগা গৰ্ভৱতী মহিলাসকলৰ বাবে তেওঁ সুকীয়া যতনৰ ব্যৱস্থা কৰিছে । কমেও ৩৬০ গৰাকী মহিলাৰ বাবে পাৰিকে এই ব্যৱস্থা হাতত লৈছে ।

মেৰা গাঁও মেৰা নাকাঃ মানুহৰ হুলস্থুল দূৰ কৰিবৰ বাবে বেৰিকেদৰ ব্যৱস্থা কৰে মহকুমা দণ্ডাধীশগৰাকীয়ে । যদি অন্য গাঁৱৰ মানুহ পালিলৈ যায়, তেতিয়াহ'লে জিলা প্ৰশাসনৰ অনুমতি লোৱাতো বাধ্যতামূলক ।

গৰ্ভৱতী মহকুমা দণ্ডাধীশ সুমিত্ৰা পাৰীকৰ প্ৰশংসনীয় পদক্ষেপ

ইমানতেই ক্ষান্ত নাথাকি মহকুমা দণ্ডাধীশ সুমিত্ৰা পাৰীকে কৰ'ণাৰ সৈতে যুঁজিবলৈ বিভিন্ন নমুনা, মনিটৰীং প্ৰক্ৰিয়া গ্ৰহণ কৰিছে, যাৰ বাবে ৰাজ্য চৰকাৰৰ লগতে সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে মহকুমা দণ্ডাধীশ সুমিত্ৰা পাৰীক ।

ABOUT THE AUTHOR

...view details