অসম

assam

ETV Bharat / bharat

দেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে উচ্চতম ন্যায়ালয়ক আহ্বান গৰ্ভৱতী চিকিৎসা কৰ্মীৰ

দেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে উচ্চতম ন্যায়ালয়ক আহ্বান কেৰালাৰ 18 গৰাকী গৰ্ভৱতী চিকিৎসা কৰ্মীৰ ৷ ছৌদি আৰৱৰ পৰা এই আহ্বান মহিলা কেইগৰাকীৰ ৷

ছৌদি আৰৱৰ পৰা দেশলৈ প্ৰত্যাৱৰ্তনৰ আহ্বান
উচ্চতম ন্যায়ালয়ক কেৰালাৰ মহিলাৰ আহ্বান

By

Published : Apr 27, 2020, 11:39 PM IST

নেশ্যনেল ডেস্ক, 27 এপ্ৰিল : কেৰালাৰ 18 গৰাকী গৰ্ভৱতী চিকিৎসা কৰ্মীয়ে ছৌদি আৰৱৰ পৰা দেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে উচ্চতম ন্যায়ালয়ক আহ্বান জনাইছে ৷ কৰ'ণা ভাইৰাছ আতংকৰ বাবে ছৌদি আৰৱত তেওঁলোক অসুৰক্ষিত বুলি আবেদনত উল্লেখ কৰি ভাৰতলৈ তেওঁলোকক প্ৰত্যাৱৰ্তনৰ বাবে আহ্বান জনাই মহিলা কেইগৰাকীয়ে ৷

আবেদনখনত তেওঁলোকে উল্লেখ কৰে যে, গৰ্ভাৱস্থাৰ 36 সংখ্যক সপ্তাহত উপস্থিত হ'লে তেওঁলোকে দেশলৈ প্ৰত্যাৱৰ্তন কৰিব নোৱাৰিব ৷ ছৌদিত তেওঁলোকে অতি কম পৰিমাণৰ অৰ্থৰ সৈতে জীৱন নিৰ্বাহ কৰিব লগা হোৱা বুলি আবেদনত উল্লেখ কৰিছে ৷

এইসকল বহুকেইগৰাকী চিকিৎসা কৰ্মীয়ে চাকৰিৰ পৰা পদত্যাগ কৰি মাৰ্চ/এপ্ৰিল মাহত ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ চেষ্টা কৰিছিল ৷ কিন্তু, কৰ'ণা ভাইৰাছৰ সংক্ৰমণ সমগ্ৰ বিশ্বজুৰি বৃদ্ধি পোৱাৰ ফলত ভাৰতৰ লগতে অন্যান্য দেশসমূহেও বিমানৰ চলাচলত বাধা আৰোপ কৰাৰ ফলত তেওঁলোক ভাৰতত উপস্থিত হ'বলৈ সক্ষম নহ'ল ৷

ABOUT THE AUTHOR

...view details