অসম

assam

ETV Bharat / bharat

গৰ্ভাৱস্থা আৰু কোভিড-১৯,আমি চিন্তিত হোৱা উচিতনে ? - EBOLA VIRUS

কোভিড-১৯ ৰ লগত জড়িত কোনো নৱজাতকৰ জন্মৰ ক্ষেত্ৰত এতিয়ালৈকে এনেধৰণৰ বিসংগতি দেখা পোৱাৰ খবৰ লাভ কৰা নাই । চীনত প্ৰকাশিত অধ্যয়নমতে জিকা আৰু ৰুবেলাৰ সংক্ৰমণৰ দৰে কৰ’ণা ভাইৰাছে নৱজাতকৰ ওপৰত অধিক নেতিবাচক প্ৰভাৱ নেপেলায় । জিকা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত মাতৃয়ে প্ৰসৱ কৰা সন্তানৰ ক্ষেত্ৰত বংশগত বিসংগতিবোৰ দেখা গৈছিল ।

গৰ্ভাৱস্থা আৰু কোভিড-১৯,আমি চিন্তিত হোৱা উচিতনে ?
গৰ্ভাৱস্থা আৰু কোভিড-১৯,আমি চিন্তিত হোৱা উচিতনে ?

By

Published : Apr 19, 2020, 2:06 PM IST

এগৰাকী মহিলা আৰু তেওঁৰ পৰিয়ালৰ বাবে গৰ্ভাৱস্থা অতিকৈ সুখকৰ সময়। ইয়াৰ লগতে এই সময়ছোৱা সাৱধানতাৰো সময় । কিয়নো মাতৃগৰাকীৰ প্ৰতিৰোধ ক্ষমতাৰ পৰিৱৰ্তনৰ ফলত তেওঁ সংক্ৰমণৰ বলি হোৱাৰ আশংকা বৈছি থাকে। বিশ্বৰ লগতে ভাৰতত কোভিড-১৯ৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ লগে লগে গৰ্ভৱতী মহিলাক কেনেদৰে সুৰক্ষিত ৰাখিব বা মাতৃ আৰু হ’বলগীয়া সন্তানটোৰ ওপৰত পৰিব পৰা ভাইৰাছৰ প্ৰভাৱ সম্পৰ্কে বিভিন্ন চিন্তা-চৰ্চা চলিছে । ভাৰতত প্ৰতি মাহত প্ৰায় ২ লাখ মহিলাই গৰ্ভধাৰণ কৰে। যিহেতু এই অতিমাৰী মাত্ৰ কেইমাহমানৰ পৰাহে চলিছে যিসকল মহিলাই বিগত তিনি মাহত সন্তান প্ৰসৱ কৰিছে তেওঁলোকৰ গৰ্ভাৱস্থাৰ শেষ পৰ্যায় বা শেষ ট্ৰিমেষ্টাৰত আছিল। গতিকে তেওঁলোকৰ সন্তানৰ ক্ষেত্ৰত প্ৰভৱ পৰাৰ সম্ভাৱনা কম থাকে । যদি সংক্ৰমণ গৰ্ভাৱস্থাৰ প্ৰথমাৱস্থাত হয় তেতিয়া আহিবলগীয়া সন্তানটিৰ গাত বংশগত বিসংগতিৰ সৃষ্টি হ’ব পাৰে। কিয়নো এইটো পৰ্যায়তে গৰ্ভত মূল মূল অংগবোৰে গঠন লাভ কৰে ।

কোভিড-১৯ ৰ সন্ত্ৰাস

কোভিড-১৯ ৰ লগত জড়িত কোনো নৱজাতকৰ জন্মৰ ক্ষেত্ৰত এতিয়ালৈকে এনেধৰণৰ বিসংগতি দেখা পোৱাৰ খবৰ লাভ কৰা নাই । চীনত প্ৰকাশিত অধ্যয়নমতে জিকা আৰু ৰুবেলাৰ সংক্ৰমণৰ দৰে কৰ’ণা ভাইৰাছে নৱজাতকৰ ওপৰত অধিক নেতিবাচক প্ৰভাৱ নেপেলায় । জিকা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত মাতৃয়ে প্ৰসৱ কৰা সন্তানৰ ক্ষেত্ৰত বংশগত বিসংগতিবোৰ দেখা গৈছিল । জিকাৰ দৰে কৰ’ণা ভাইৰাছ মাতৃৰ পৰা শিশুটিৰ গাত সংক্ৰমিত হোৱা দেখা নাই । কিয়নো ভাইৰাছবিধ এমনিয়টিক ফ্লড বা মাতৃ দুগ্ধত এতিয়ালৈকে পোৱা নাই । ৱুহানত ৩৩ গৰাকী মাতৃৰ ক্ষেত্ৰত চলোৱা এক অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি তিনিটি শিশুক জন্মৰ পাছত কৰ’ণা ভাইৰাছ পজিটিভ পোৱা গৈছে । তিনিটি নৱজাতকৰ ভিতৰত দুটিক কোনোধৰণৰ চিকিৎসাৰ প্ৰয়োজন হোৱা নাছিল আৰু ৬ নম্বৰ দিনা পৰীক্ষাত নিগেটিভ ওলায় । সময়তকৈ আগত জন্ম লাভ কৰা তৃতীয়টি নৱজাতকৰ ক্ষেত্ৰত এন্টিবায়টিকৰ প্ৰয়োজন হয় আৰু সোনকালে সুস্থ হৈ উঠে । গতিকে কথাটো এয়ে যে গৰ্ভাৱস্থাত মাতৃৰ পৰা শিশুটিলৈ কৰ’ণা ভাইৰাছ সংক্ৰমিত হয় নে নাই আমি নিজানো । কিন্তু এতিয়ালৈকে মাতৃ আৰু নৱজাতকৰ স্বাস্থ্যৰ ওপৰত ভাইৰাছবিধে বিশেষ কোনো নেতিবাচক প্ৰভাৱ পেলাব পৰা নাই । কিন্তু বিভিন্ন দেশত ডাঙৰকৈ আৰু দীৰ্ঘকালীন অধ্যয়নৰ প্ৰয়োজন আছে যাতে প্ৰমাণ কৰিব পাৰি যে কৰ’ণা ভাইৰাছে ভ্ৰূণৰ ওপৰত প্ৰভাৱ নেপেলায় । তেনে অধ্যয়ন নথকাৰ পৰিপ্ৰেক্ষিতত এগৰাকী গৰ্ভৱতী মহিলাই কি কৰিব ? লক ডাউনৰ ফলত আৰু ন মাহ পাছত বিশ্বত বহুসংখ্যক শিশুৰ জন্ম হ’ব।কৰ’ণা অতিমাৰীৰ শীৰ্ষ সময়তে বহু মহিলাই প্ৰসৱ কৰিব ।

ভাৰতত কোভিড-১৯ ত আক্ৰান্ত গৰ্ভৱতী মহিলাৰ সংখ্যা এতিয়ালৈকে নিচেই কম । মাত্ৰ দিল্লীত এটা ঘটনা পোহৰলৈ আহিছে । মহিলাগৰাকী কোভিড-১৯ ত আক্ৰান্ত আছিল যদিও এটি সুস্থ সন্তান জন্ম দিছে । কিন্তু এটা কথা মনত ৰখা উচিত যে কৰ’ণা সংক্ৰমণৰ ৮০ শতাংশ মজলীয়া ধৰণৰ আৰু পৰীক্ষা কৰা নহ'ব পাৰে । গতিকে গৰ্ভাৱস্থাৰ প্ৰথমভাগত কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কম নহয় । গতিকে স্বাস্থ্য সেৱা প্ৰদানকাৰীসকলে গৰ্ভৱতী মহিলাসকলক নিয়মীয়া নিৰীক্ষণত ৰাখিব লাগে । লক ডাউনৰ পৰিপ্ৰেক্ষিতত এয়া কঠিন হ’ব পাৰে আৰু গৰ্ভৱতী মহিলাসকলে নিয়মীয়া পৰীক্ষা লাভ নকৰিব পাৰে। গতিকে কাহ,জ্বৰ ডিঙিত বিষ আদি লক্ষণ দেখা দিলে তেওঁলোকক উপযুক্ত যত্ন আৰু পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগে । কৰ’ণাত আক্ৰান্ত মাতৃগৰাকীয়ে চিকিৎসকৰ পৰা প্ৰয়োজনীয় যতন লাভ কৰিব লাগে আৰু কোনোধৰণৰ বৈষম্যৰ বলি হোৱাটো উচিত নহয় । গৰ্ভাৱস্থাৰ প্ৰথম পৰ্যায়ত থকা মহিলাসকলে প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । কিয়নো সংক্ৰমণৰ প্ৰভাৱ সম্পৰ্কে এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই । মাস্ক পৰিধান কৰা,নিয়মীয়াকৈ হাত ধোৱা,জ্বৰৰ দৰে লক্ষণ থকা লোকসকলৰ পৰা দূৰত থকা আদি প্ৰতিৰোধ ব্যৱস্থাসমূহ গুৰুত্ব সহকাৰে পালন কৰিব লাগে ।

গৰ্ভাৱস্থা আৰু কোভিড-১৯,আমি চিন্তিত হোৱা উচিতনে ?

বিশ্ব স্বাস্থ্য সংস্থা আৰু ইংলেণ্ডৰ ৰয়েল কলেজ অৱ্ অৱষ্টেৰিকছে একমত হৈছে যে গৰ্ভৱতী মহিলাসকলে সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা ল’ব লাগে । সময়ে সময়ে নিয়মীয়াকৈ শাৰীৰিক পৰীক্ষা কৰাটো বাঞ্চনীয় । স্বাস্থ্য সেৱা প্ৰদানকাৰীসকলে এপইণ্টমেণ্ট ব্যৱস্থা কৰিব পাৰে যাতে ক্লিনিকত একে সময়তে দুজনতকৈ অধিক ৰোগী নাথাকে । লক ডাউনে মাতৃত্বৰ লগত জড়িত জৰুৰী সেৱাসমূহ বিঘ্নিত কৰিছে । স্বাস্থ্য সেৱা প্ৰদানকাৰীসকলে এনেধৰণৰ জৰুৰী অৱস্থাৰ ক্ষেত্ৰত কাক ফোন কৰিব বা ক’লৈ যাব এই সম্পৰ্কে স্পষ্ট নীতি-নিৰ্দেশনা দিব লাগে ।

কৰ'ণা ভাইৰাছত আক্ৰান্ত হ’লে মাতৃগৰাকী,শিশুটি আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰীসকলৰ বাবে সংক্ৰমণ নিয়ন্ত্ৰণ ব্যৱস্থাসমূহ পালন কৰিব লাগে। সেৱা প্ৰদানকাৰীসকলে এই ৰোগত আক্ৰান্ত মহিলাগৰাকীৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰিব নালাগে আৰু প্ৰয়োজনীয় যত্ন সমূহ ল’ব লাগে । ক’ভিড-১৯ এ চি-ছেক্সনৰ ইংগিত নিদিয়ে । যদি চিকিৎসাৰ ফালৰ পৰা প্ৰয়োজন নহয় চি-ছেক্সন এৰাই চলিব লাগে। আক্ৰান্ত মহিলাগৰাকীয়ে প্ৰয়োজনীয় প্ৰতিৰোধ ব্যৱস্থা যেনে সকলো সময়তে মাস্ক পিন্ধি,হাত ধুই আৰু শিশুটিৰ সৈতে কম সম্পৰ্ক ৰক্ষা কৰি দুগ্ধ পান কৰাব পাৰে । যদি সম্ভৱ হয় পজিটিভ মাতৃৰ নিগেটিভ নৱজাতকক এক্সপ্ৰেছড্ ব্ৰেষ্ট মিল্কৰ যোগান ধৰিব পাৰি । আক্ৰান্ত মাতৃগৰাকীৰ ক্ষেত্ৰত আছুতীয়াকৰণকে ধৰি ক’ভিড-১৯ ৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা সকলো নীতি-নিয়ম পালন কৰিব লাগে । মাত্ৰ দুগ্ধ পানৰ ক্ষেত্ৰতহে কিছু ব্যতিক্ৰম ব্যৱস্থা ল’ব পাৰি । নিৰ্দিষ্ট নীতি-নিৰ্দেশনা অনুসৰি কোভিড-১৯ ত আক্ৰান্ত মহিলাৰ নৱজাতকক নিয়মীয়াকৈ ক’ভিডৰ পৰীক্ষা কৰাব লাগে । উপযুক্ত যত্ন ল’লে ভাৰতৰ গৰ্ভৱতী মহিলাসকল সংক্ৰমিত হোৱাৰ পৰা দূৰৈত থাকিব পাৰিব আৰু মাতৃ আৰু শিশুটিৰ ওপৰত অতিমাৰীৰ নেতিবাচক প্ৰভাৱসমূহ নপৰিব । দায়িত্বশীল স্বাস্থ্য সেৱা প্ৰদানকাৰীসকলে নিজৰ লগতে ৰোগীৰ যত্ন লৈ আক্ৰান্ত মহিলাসকলৰ সৈতে মৰ্যদাপূৰ্ণভাৱে চিকিৎসা কৰিব । অতিমাৰীৰ সংক্ৰমণ শেষ হোৱাৰ পাছত নৱজাতকৰ ওপৰত পৰা দীৰ্ঘকালীন প্ৰভাৱসমূহ ওলাই পৰিব । ইয়াৰ লগতে জন্মৰ বিসংগতি,গৰ্ভপাত আদিৰ ভাইৰ’লজীৰ অধ্যয়ন সুসংহতভাৱে কৰিব লাগিব । বিশেষ অধ্যয়ন আৰু নিৰীক্ষণৰ ব্যৱস্থা শীঘ্ৰেই কৰিব লাগিব ।

ডা০ কান্তি সুৰেশ ভোৰা, এম ডি,এম পি এইছ পি এইছ ডি,

অতিৰিক্ত অধ্যাপক,ভাৰতীয় জন স্বাস্থ্য প্ৰতিষ্ঠান

লগতে চাওকঃ কোভিড-১৯ : অসমত সুস্থ হৈ উঠিছে ১২গৰাকীকৈ ৰোগী

ABOUT THE AUTHOR

...view details