অসম

assam

ETV Bharat / bharat

প্ৰচণ্ড বৰষুণ আৰু ঘন ডাৱৰৰ বাবে দুৰ্বিষহ হৈ পৰিছে AN-32 উদ্ধাৰ অভিযান - arunachal pradesh

প্ৰতিকূল বতৰৰ বাবে বাৰে-বাৰে ব্যৰ্থ হৈ পৰিছে ভাৰতীয় বায়ুসেনা ৷ প্ৰচণ্ড বৰষুন আৰু ঘন ডাৱৰৰ বাবে বহুবাৰ চেষ্টা কৰিও উদ্ধাৰ কৰিব পৰা নাই AN-32 ৰ শ্বহীদসকলক ৷

etv bharat

By

Published : Jun 15, 2019, 11:35 PM IST

তেজপুৰ, ১৫ জুন: AN-32 ৰ 8 জন ক্ৰু-মেম্বাৰ আৰু 5 জন যাত্ৰীৰ নশ্বৰ দেহ উদ্ধাৰ কৰিবলৈ অহৰহ চেষ্টা কৰিও বিফল হৈ পৰিছে ভাৰতীয় বায়ু সেনা ৷ বায়ু সেনাই MI-17 আৰু ALH হেলিকপ্তাৰ সাজু কৰি ৰাখিছে যদিও প্ৰচণ্ড ধুমুহা আৰু ঘন ডাৱৰৰ বাবে অৱতৰণ কৰিব পৰা নাই বুলি প্ৰকাশ কৰিছে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে ৷ তেওঁ লগতে কয় যে, বায়ু সেনাৰ চহিদসকলক এতিয়াও ধ্বংসপ্ৰাপ্ত স্থানতে ৰখা হৈছে ৷ প্ৰতিকূল বতৰকো নেওচি উদ্ধাৰৰ বাবে অৰুণাচলৰ পায়ুম আৰু তাটু পাহাৰৰ নামনিত পৰ্বত আৰোহীৰ এটা 18 জনীয়া দলক এয়াৰ দ্ৰপিঙৰে অৱতৰণ কৰোৱা হৈছিল যদিও, এই মুহুৰ্তলৈকে এয়াৰ লিফ্ট কৰিব পৰা হোৱা নাই চহিদসকলক ৷

প্ৰচণ্ড বৰষুন আৰু ঘন ডাৱৰ- দুৰ্বিষহ হৈ পৰিছে AN-32 উদ্ধাৰ অভিযান


উল্লেখ্য যে, বৃহস্পতিবাৰে ৰাজ্যিক প্ৰশাসনৰ পৰা আন তিনিজন পৰ্বতাৰোহীক উক্ত স্থানলৈ প্ৰেৰণ কৰা হৈছিল ৷ ইয়াৰ পূৰ্বেও বায়ু সেনাৰ 9 জন, সেনাৰ 4 জন আৰু ৰাজ্যিকৰ 2 জনৰে মুঠ 15 জনীয়া দল প্ৰেৰণ কৰিছিল উক্ত স্থানলৈ ৷ বৰ্তমান মুঠ 18 গৰাকীকৈ উদ্ধাৰকাৰীয়ে দুৰ্ঘটনাস্থলিত অৱস্থান কৰি আছে ৷ শুকুৰবাৰে বায়ুসেনাৰ ধ্বংসপ্ৰাপ্ত বিমানৰ ককপিট, ভইচ ৰেকৰডাৰ, CVR আৰু ফ্লাইট ডাটা ৰেকৰডাৰ FDR উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল উদ্ধাৰকাৰী দলে ৷ প্ৰতিকূল বতৰকো নেওচি সম্প্ৰতি উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে ৷

প্ৰতিকূল বতৰৰ বাবে বাৰে বাৰে ব্যৰ্থ হৈ পৰিছে ভাৰতীয় বায়ুসেনা

ABOUT THE AUTHOR

...view details