অসম

assam

By

Published : Aug 16, 2020, 2:13 PM IST

ETV Bharat / bharat

স্বাস্থ্যৰ কিছু উন্নতি হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ

নিজৰ এক টুইটত প্ৰণৱ মুখাৰ্জীৰ পুত্ৰ অভিজিতে লিখিছে যে, ‘কালি মই মোৰ পিতৃক চাবলৈ হাস্পতাললৈ গৈছিলো ৷ ভগৱানৰ আশীৰ্বাদ আৰু আটাইৰে শুভেচ্ছাৰ ফলত সম্প্ৰতি তেখেতে চিকিৎসাৰ প্ৰতি সহাৰি জনাইছে আৰু তেখেত বৰ্তমান সুস্থ ৷ অতিশীঘ্ৰে তেখেত সুস্থ শৰীৰে আমাৰ মাজত উপস্থিত হ’ব ৷’

Pranab Mukherjee's condition much better, stable, says son Abhijit
স্বাস্থ্যৰ কিছু উন্নতি হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ

নেশ্যনেল ডেক্স,16 আগষ্টঃ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ কিছু উন্নতি হোৱা বুলি জানিবলৈ দিছে তেখেতৰ পুত্ৰ অভিজিত মুখাৰ্জীয়ে ৷ বিগত 10 আগষ্টত এক গুৰুতৰ মগজুৰ চাৰ্জাৰী সম্পন্ন কৰা হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ ৷ ইয়াৰ পিছতেই তেখেতৰ মৃত্যু উৰাবাতৰি প্ৰচাৰ হয় যদিও এই সকলো উৰাবাতৰি খণ্ডন কৰিছে পুত্ৰ অভিজিতে ৷

নিজৰ এক টুইটত অভিজিতে লিখিছে যে,‘কালি মই মোৰ পিতৃক চাবলৈ হাস্পতাললৈ গৈছিলো ৷ ভগৱানৰ আশীৰ্বাদ আৰু আটাইৰে শুভেচ্ছাৰ ফলত সম্প্ৰতি তেখেতে চিকিৎসাৰ প্ৰতি সহাৰি জনাইছে আৰু তেখেত বৰ্তমান সুস্থ ৷ অতিশীঘ্ৰে তেখেত সুস্থ শৰীৰে আমাৰ মাজত উপস্থিত হ’ব ৷’

আনহাতে, 10 আগষ্টত কোভিড 19 আক্ৰান্ত হোৱাৰ কথাও ঘোষণা কৰিছিল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ৷

লগতে পঢ়ক-আমেৰিকাত অধ্যয়নৰত ছাত্ৰীৰ মৃত্যুৰ সৈতে জড়িত দুই যুৱকক আটক

ABOUT THE AUTHOR

...view details