অসম

assam

By

Published : Aug 13, 2020, 3:35 PM IST

ETV Bharat / bharat

প্ৰণৱ মুখাৰ্জীৰ মৃত্যুৰ বাতৰিক খণ্ডন প্ৰাক্তন ৰাষ্ট্ৰপতিৰ পুত্ৰ-কন্যাৰ

জীৱিত অৱস্থাত আছে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ৷ তেখেত চিকিৎসালয়ত ভৰ্তি হৈ আছে ৷ তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটিছে ৷ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ পুত্ৰ অভিজিৎ মুখাৰ্জীয়ে সংবাদ মাধ্যমত চলি থকা প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ মৃত্যুৰ বাতৰিক খণ্ডন কৰাৰ লগতে এয়া উৰা বাতৰি বুলি সদৰি কৰিছে ৷

/pranab-mukherjee-is-alive-and-haemodynamically-stable-son-daughter-refute-rumours
প্ৰণৱ মুখাৰ্জীৰ মৃত্যুৰ বাতৰিক খণ্ডন প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ পুত্ৰ-কন্যাৰ

নিউজ ডেস্ক, 13 আগষ্ট: জীৱিত অৱস্থাত আছে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ৷ তেখেত চিকিৎসালয়ত ভৰ্তি হৈ আছে ৷ তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটিছে ৷ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ পুত্ৰ অভিজিৎ মুখাৰ্জীয়ে সংবাদ মাধ্যমত চলি থকা প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ মৃত্যুৰ বাতৰিক খণ্ডন কৰাৰ লগতে এয়া উৰা বাতৰি বুলি সদৰি কৰিছে ৷

টুইট যোগে অভিজিৎ মুখাৰ্জীয়ে কয় যে, "মোৰ পিতৃ শ্ৰী প্ৰণৱ মুখাৰ্জী এতিয়া জীৱিত আছে তথা তেখেতৰ স্বাস্থ্যৰ অৱস্থাও স্থিৰ হৈ আছে ৷" তেখেতে অভিযোগ উত্থাপন কৰি কয় যে, তেখেতৰ পিতৃৰ মৃত্যু সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰতিষ্ঠিত সাংবাদিকৰ দ্বাৰাও ভুৱা বাতৰি প্ৰচাৰ কৰা হৈছে ৷ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ কন্যা শমিষ্ঠা মুখাৰ্জীয়েও পিতৃৰ মৃত্যুৰ বাতৰি সমূহক খণ্ডন কৰিছে ৷

শমিষ্ঠা মুখাৰ্জীয়ে টুইট যোগে কয় যে, "মোৰ পিতৃ সন্দৰ্ভত উৰা বাতৰি ওলাইছে ৷ মিডিয়াক অনুৰোধ যাতে মোলৈ ফোন নকৰে ৷"

ইয়াৰ মাজতে সেনাৰ অনুসন্ধান আৰু ৰেফৰেল ( R and R) হাস্পতালেও প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অপৰিৱৰ্তিত হৈ আছে বুলি স্পষ্ট কৰে ৷

লগতে পঢ়ক : বাংগালোৰ সংঘৰ্ষঃ ডিজে হল্লী আৰু কেজি হল্লী অঞ্চলত 15 আগষ্ট পৰ্যন্ত বৃদ্ধি 144 ধাৰা

ABOUT THE AUTHOR

...view details