অসম

assam

By

Published : May 21, 2019, 1:36 PM IST

ETV Bharat / bharat

নিৰ্বাচনৰ আয়োগৰ ভূমিকাত সন্তুষ্ট প্ৰাক্তন ৰাষ্ট্ৰপতি

দেশৰ শীৰ্ষ নিৰ্বাচনী বিষয়া তিনিগৰাকী অভিজ্ঞ কাৰ্যকৰী বিষয়াৰ দ্বাৰা নিয়োজিত কৰা হৈছে বুলি উল্লেখ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ

নিৰ্বাচনৰ আয়োগৰ ভূমিকাত সন্তুষ্ট প্ৰাক্তন ৰাষ্ট্ৰপতি

দিল্লী, ২১ মে': যিসময়ত ইভিএম টেম্পাৰিংক লৈ নিৰ্বাচন আয়োগক বিৰোধী দলে পক্ষপাতিত্বমূলক কাৰ্য কৰা বুলি অভিযোগ উত্থাপন কৰিছে ঠিক একে সময়তে নিৰ্বাচন আয়োগক সমৰ্থন জনাইছে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীয়ে । সোমবাৰে দিল্লীত আয়োজিত 'Defining India: Through Their Eyes' গ্ৰন্থ উন্মোচন অনুষ্ঠানত উপস্থিত হৈ দেশৰ শীৰ্ষ নিৰ্বাচনী বিষয়া তিনিগৰাকী অভিজ্ঞ কাৰ্যকৰী বিষয়াৰ দ্বাৰা নিয়োজিত কৰা হৈছে বুলি উল্লেখ কৰে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ।

লগতে, নিৰ্বাচনী বিষয়া তিনিগৰাকীক সমালোচনা কৰাটো ভাল কথা নহয় বুলি উল্লেখ কৰি তেওঁলোকে তেওঁলোকৰ কাম সঠিকভাৱে আৰু সম্পূৰ্ণ নিষ্ঠাৰে কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ।

উল্লেখ্য যে, ৰাহুল গান্ধীকে ধৰি বিভিন্ন দলৰ নেতাসমূহে লোকসভা নিৰ্বাচন, ২০১৯-ত নিৰ্বাচন আয়োগে গ্ৰহণ কৰা ভূমিকা পক্ষপাতত্বমূলক বুলি অভিযোগ উত্থাপন কৰাৰ এদিন পিচতে এই মন্তব্য আগবঢ়ায় দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details