অসম

assam

By

Published : Aug 30, 2020, 7:05 PM IST

ETV Bharat / bharat

ভেন্টিলেটৰত চিকিৎসাধীন প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী

প্ৰাক্তন ৰাষ্ট্ৰপ্ৰতি প্ৰণৱ মুখাৰ্জীক শেহতীয়াকৈ ভেন্টিলেটৰৰ সহায়ত চিকিৎসা প্ৰদান কৰা হৈছে ৷ 10 আগষ্টত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৰাষ্ট্ৰপতি গৰাকীক ৷

Pranab Mukherjee continues to be in deep coma, on ventilator support
প্ৰাক্তন ৰাষ্ট্ৰপ্ৰতি প্ৰণৱ মুখাৰ্জীক ভেন্টিলেটৰৰ সহায়তা প্ৰদান

নিউজ ডেস্ক, 30 আগষ্ট :ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ শেহতীয়া তথ্য অনুসৰি, প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকী ক'মাত যোৱা বুলি জানিব পৰা গৈছে আৰু তেওঁক ভেন্টিলেটৰৰ সহায়ত চিকিৎসা প্ৰদান কৰা হৈছে ৷

তথ্য অনুসৰি, প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীক 10 আগষ্টত দিল্লীৰ সেনা অনুসন্ধান আৰু ৰেফৰল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু উক্ত দিনাই মগজুত কিছু আঘাত পোৱাৰ বাবে অস্ত্ৰোপ্ৰচাৰ কৰা হৈছিল ৷

উল্লেখ্য যে, প্ৰণৱ মুখাৰ্জী 2012 চনৰ পৰা 2017 চনলৈ ভাৰতৰ 13 তম ৰাষ্ট্ৰপতি আছিল ৷

লগতে পঢ়ক : ট্ৰাক ভৰ্তি চোৰাং চাউল সহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details