পানাজী, 19 মাৰ্চঃ গোৱাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ বিজেপিৰ নেতা প্ৰমোদ পাণ্ডুৰাগৰ ৷ মঙলবাৰে মাজৰাতি শপতগ্ৰহণ কৰে প্ৰমোদ পাণ্ডুৰাগে ৷ শপতবাক্য পাঠ কৰায় ৰাজ্যপাল মৃদুলা সিনহাই ৷ সোমবাৰে অনুষ্ঠিত দলৰ এক বৈঠকত নেতাগৰাকীক মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
গোৱাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে প্ৰমোদ পাণ্ডুৰাগৰ - etv bharat assam
সোমবাৰে মাজনিশা মুখ্য়মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে প্ৰমোদ পাণ্ডুৰাগৰ
![গোৱাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে প্ৰমোদ পাণ্ডুৰাগৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2731428-103-caadb86f-cc38-4782-b56d-fe8747ef2707.jpg)
গোৱাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ প্ৰমোদ পাণ্ডুৰাগৰ
দেওবাৰে মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ মৃত্যুৰ পিচতে খালি হৈ পৰিছিল গোৱাৰ মুখ্যমন্ত্ৰীৰ আসনখন ৷
আনহাতে, শপতগ্ৰহণ কৰাৰ পিচতে নতুন মুখ্যমন্ত্ৰীগৰাকীৰ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মনোহৰ পাৰিকৰৰ কথা সোঁৱৰি কয় যে মনোহৰৰ বাবে আজি তেওঁ এই স্থানত আছে ৷ প্ৰয়াত পাৰিকৰে প্ৰমোদ পাণ্ডুৰাগক ৰাজনীতিলৈ লৈ আহিছিল বুলিও উল্লেখ কৰে নৱ-নিৰ্বাচিত মন্ত্ৰীগৰাকীয়ে ৷