নতুন দিল্লী, 24 এপ্ৰিলঃ ভাৰতবৰ্ষৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেড়কাৰে বৃহস্পতিবাৰে COVID-19ৰ বিৰুদ্ধে সমুখৰ পৰা যুঁজ কৰা যোদ্ধা সকল, যেনে,ডাক্তৰ,চিকিৎসা কৰ্মী,চেনেটাইজেশ্যনত জৰিত,আৰক্ষী,ইত্যাদি লোকক এখনকৈ পত্ৰ প্ৰেৰণ কৰি সম্বৰ্ধনা জ্ঞাপন কৰে ।
পত্ৰখন মন্ত্ৰী গৰাকীৰ স্বাক্ষৰৰ লগতে মুঠ 40 গৰাকী নাগৰিকে স্বাক্ষৰ কৰিছিল। আনহাতে চিকিৎসাকৰ্মী আৰু আৰক্ষীৰ বিৰুদ্ধে বহু স্থানত ঘটা হিংসা সম্পৰ্কে মন্ত্ৰী গৰাকীয়ে কয় যে,এই যোদ্ধাসকলৰ বিৰুদ্ধে হিংসাত্মক ঘটনাক সহ্য কৰা নহ'ব। দোষীক কঠোৰ আইনৰ জৰিয়তে উপযুক্ত ব্যৱস্থা লোৱা হ'ব ।