আগ্ৰা,8 নৱেম্বৰ:শনিবাৰে নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই আগ্ৰাৰ সমীপৰ গঢ়ী সহজাত এগৰাকী কৃষকক গুলীয়াই হত্যা কৰে ৷ মহেন্দ্ৰ সিং নামৰ কৃষক গৰাকীয়ে আলু খেতিৰ সমীপতে নিশা শুই থকা অৱস্থাত গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই ৷ খেতিপথাৰত ৰক্তাক্ত অৱস্থাত কৃষকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে পুত্ৰই ৷ অনিল নামৰ কৃষকগৰাকীৰ পুত্ৰই খেতিপথাৰলৈ পিতৃৰ বাবে চাহ লৈ যাওতে পিতৃৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷ ততালিকে পুত্ৰই স্থানীয় আৰক্ষীক এই বিষয়ে অৱগত কৰে ৷ আগ্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়া অৰ্চনা সিং ঘটনাস্থলীত উপস্থিত হয় ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, কৃষকগৰাকীৰ কাণৰ সমীপত গুলীয়ে আঘাত কৰাৰ ফলত মৃত্যুমুখত পৰে ৷ সম্প্ৰতি আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত ৷
আগ্ৰাত দুৰ্বৃত্তৰ গুলীত কৃষক নিহত - potato farmer shot dead in agra etv bharat news
আগ্ৰাত মহেন্দ্ৰ সিং নামৰ এগৰাকী কৃষকক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে ৷ খেতিপথাৰত ৰক্তাক্ত অৱস্থাত কৃষকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে পুত্ৰই ৷ অনিল নামৰ কৃষকগৰাকীৰ পুত্ৰই খেতিপথাৰলৈ পিতৃৰ বাবে চাহ লৈ যাওতে পিতৃৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷
কৃষক নিহত