অৰ্থনীতি -
মাৰ্চত ঘোষণা কৰা 1.7 লাখৰ প্ৰাৰম্ভিক উদ্দীপক পেকেজ আৰু ইয়াৰ পাচতে প্ৰদান কৰা 20 লাখ কোটি টকাৰ উদ্দীপক পেকেজে ভাৰতৰ অৰ্থনীতি উদ্ধাৰত সহায় কৰিব বুলি আশা কৰা হৈছে ৷ বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ পঞ্চম স্থানৰ ভাৰতবৰ্ষই বজাৰ সন্দৰ্ভত ভাল বিকল্প প্ৰদান কৰি আহিছে ৷
বজাৰ
Covid-19 মহামাৰীৰ মাজতে ভাৰতে লকডাউন ঘোষণা কৰিছিল যদিও বৰ্তমান কিছু শিথিলতা প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷ ভাৰতে লাহে লাহে ৰপ্তানী কাৰ্য পুনৰ আৰম্ভ কৰাৰ জৰিয়তে বহিৰাগত সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল নহ'বৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে ৷ বিশেষকৈ চীনৰ পৰা আমদানিকৃত সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে ভাৰতে ৷ ইয়াৰোপৰি, ভাৰতত নিৰ্মিত সামগ্ৰীৰে বিশ্বৰ বজাৰ দখল কৰাৰো মন মেলিছে ৷ সেয়েহে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ে ইয়াৰ বাবে ৰণনীতিও প্ৰস্তুত কৰি উলিয়াইছে ৷ বাণিজ্য বিভাগে প্ৰদান কৰা বিৱৰণ অনুসৰি, চিকিৎসা সামগ্ৰী, ইলেক্ট্ৰনিকছ, প্লাষ্টিক আৰু খেলা সামগ্ৰী আদি অহা তিনিমাহৰ ভিতৰত ৰপ্তানী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ আনহাতে, ইয়াৰ পাচৰ পৰ্যায়ত ছয় মাহৰ ভিতৰত ৰপ্তানী কৰা হ'ব গহনা, ঔষধ-পাতি, ষ্টিল ৷
ব্যৱসায়
ঘৰুৱা বিনিয়োগকাৰীয়ে এই খৰছ বহন কৰিবলৈ সক্ষম হ'ব নে নাই ইয়াক লৈ প্ৰশ্নৰ উত্থাপন হৈছে ৷ কিন্তু, কিছুসংখ্যক স্থানীয় উদ্যোপতিৰ দীৰ্ঘম্ৰাদী বিনিয়োগ কৰাৰ সক্ষমতা আছে ৷ ভাৰতৰ ষ্টাৰ্টআপ সমূহেও বৃহৎ ঘাটিৰ সন্মুখীন হৈছে ৷ বহুলোকক চাকৰিৰ পৰা অব্যাহতি অথবা কিছুসংখ্যকৰ দৰমহা কৰ্তন কৰা হৈছে ৷
স্বাস্থ্যখণ্ড
ভাৰতৰ প্ৰতিৰক্ষা বাজেটে স্বাস্থ্যখণ্ডৰ বাজেটক পিছ পেলালে ৷ 2020-21 বৰ্ষৰ বাবে প্ৰতিৰক্ষা শিতানত প্ৰদান কৰা হৈছে 65.86 বিলিয়ন আমেৰিকান ডলাৰ ৷ এয়া ভাৰতৰ 2 শতাংশ ডিজিপি হ'ব ৷ আনহাতে, যোৱা শতিকাৰ তুলনাত স্বাস্থ্যখণ্ডৰ বাজেট 1 শতাংহে বৃদ্ধি কৰা হৈছে ৷ মহামাৰীৰ অন্ত পৰাৰ পাচত ভাৰতে এই বাজেটত গুৰুত্ব প্ৰদান কৰাৰ লগতে স্বাস্থ্যখণ্ডৰ সেৱা সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ যত্ন কৰিব ৷
কৃষিখণ্ড
মিলিয়ন সংখ্যক শ্ৰমিক নিজ অঞ্চললৈ ঘূৰি যোৱাৰ লগতে অৰ্থনীতি অস্থিৰ হৈ পৰিছে ৷ আনহাতে, নগৰ অঞ্চলত হ্ৰাস পাইছে চাকৰিৰ সংখ্যা ৷ এনে সময়ত ৰাজ্যসমূহে বিভিন্ন ক্ষেত্ৰত নিযুক্তি প্ৰদান কৰিবলৈ সুযোগ লাভ কৰিছে ৷ ফাৰ্ম খণ্ডৰ জৰিয়তে ভাৰত সৰ্বাধিক লাভৱান হ'ব পাৰিব ৷ সেয়েহে কৃষিখণ্ডত সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন আছে ভাৰতে ৷ উৎপাদিত সামগ্ৰীৰ মাৰ্কেটিঙৰ জৰিয়তেও ভাৰতে অৰ্থনীতিৰ বিকাশ ঘটাব পাৰিব ৷
শ্ৰমবল