অসম

assam

ETV Bharat / bharat

পোল্লাচী নিৰ্যাতন সন্দৰ্ভত আদালতক সহায় নকৰে ছ'চিয়েল মিডিয়াই - social media

জনপ্ৰিয় ছ'চিয়েল মিডিয়া ৱেবচাইট ওৱাটছএপ আৰু ফেচবুকে পোল্লাচী নিৰ্যাতন ঘটনা সন্দৰ্ভত আৰক্ষীক নিদিয়ে কোনো তথ্য ।

পোল্লাচী নিৰ্যাতন সন্দৰ্ভত আদালতক সহায় নকৰে ছ'চিয়েল মিডিয়াই

By

Published : Apr 24, 2019, 8:35 PM IST

2৪ এপ্ৰিল, চেন্নাইঃ পোল্লাচী নিৰ্যাতন তথা ব্লেকমেইল ঘটনা সন্দৰ্ভত ভাইৰেল হোৱা ভিডিঅ' সম্পৰ্কে কোনো তথ্য ৰাজহুৱা নকৰে জনপ্ৰিয় ছ'চিয়েল মিডিয়া ৱেবচাইট Whats App য়ে । বুধবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়লৈ এক পত্ৰযোগে এই কথা জনায় তামিলনাডু আৰক্ষীয়ে ।


ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ মাৰ্চ মাহত ছ'চিয়েল মিডিয়া ৱেৱচাইট ফেচবুক আৰু Whats Appক পোলাচী ব্লেকমেইল ঘটনা সন্দৰ্ভত সন্দেহৰ আৱৰ্তত থকা লোকসকলৰ চাইবাৰ সম্পৰ্কীয় সকলো তথ্য বিচাৰি আৱেদন জনাইছিল তামিলনাডু আৰক্ষীয়ে ।

তামিলনাডুত সংঘটিত এই ঘটনাৰ পাচতে মাদ্ৰাজ ন্যায়ালয়ে অনুসন্ধানজনিত কাৰণত সহায় নকৰা ছ'চিয়েল মিডিয়া ৱেৱচাইট সমূহ নিষিদ্ধ কৰাৰ লগতে ভাৰতত ছ'চিয়েল মিডিয়াৰ কোম্পানীসমূহত খালী হৈ থকা গ্ৰিভেঞ্চ বিষয়াসমূহৰ (grievance officers) পদসমূহ তথ্য আৰু প্ৰযুক্তি আইনৰ অধীনত নিযুক্তি দিয়াৰ বাবে কেন্দ্ৰক আহ্বান জনাইছিল যদিও এই পৰ্যন্ত খালী হৈ আছে সেই পদসমূহ ।

উল্লেখ্য যে, চলিত বৰ্ষৰ ১২ ফেব্ৰুৱাৰীত এগৰাকী ১৯ বছৰীয়া যুৱতীক এগৰাকী চিনাকি ব্যক্তিয়ে কোনো এটা কথা আলোচনা কৰাৰ চলেৰে বাহনৰ ভিতৰত দূৰণি ঠাইলৈ গৈ চাৰিজন যুৱকৰ সৈতে যৌন সম্পৰ্কত লিপ্ত হবলৈ বাধ্য কৰাই এক ভিডিঅ' কৰিছিল। আৰু সেই ভিডিঅ' ছ'চিয়েল মিডিয়াত আপলোড কৰা ভাবুকি প্ৰদান কৰি ধন দাবী কৰিছিল । কিন্তু যুৱতীগৰাকী ধন দিবলৈ অমান্তি হোৱাত ব্যক্তিকেইগৰাকীয়ে একেলগ হৈ ফেচবুক আৰু WhatsAppত এই ভিডিঅ' ভাইৰেল কৰিছিল । প্ৰথম পৰ্যায়ত ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকক অৱগত কৰা নাছিল যদিও পৰৱৰ্তী সময়ত যুৱতীগৰাকী সকলো কথা পৰিয়ালক জনোৱাৰ পিচত পৰিয়ালৰ লোকে তামিলনাডু আৰক্ষীক ৰুজু কৰিছিল এক গোচৰ ।

লক্ষ্যণীয় যে, এই ঘটনা সন্দৰ্ভত ছ'চিয়েল মিডিয়া চাইটসমূহ সহযোগ কৰিবলৈ মান্তি নহ'লে চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব।

ABOUT THE AUTHOR

...view details