অসম

assam

ETV Bharat / bharat

ৰাজনৈতিক জটিলতাই দাৰ্জিলিঙৰ চাহৰ পিয়লা গৰমাই তুলিছে

বিগত তিনি বছৰ ধৰি পাৰ্বত্য জিলাখন আৰু টেৰাই অঞ্চলটো তুলনামূলকভাৱে নিষ্ক্ৰিয় হৈ থকাৰ পাচত গোৰ্খা জনমুক্তি মৰ্চাৰ (জি জে এম) প্ৰাক্তন প্ৰমুখ বিমল গুৰুঙৰ আকস্মিকভাৱে হোৱা নাটকীয় পুনৰাগমণে চেঁচা পৰিবলৈ ধৰা চাহৰ পিয়লাটোত সমস্যাৰ বুৰবুৰণি সৃষ্টি কৰিছে ৷ উল্লেখ্য যে ২০১৭ চনত গুৰুঙৰ বিৰুদ্ধে ৰাজ্যিক আৰক্ষীয়ে বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন আৰু ভাৰতীয় দণ্ড বিধিৰ অ-জামিনযোগ্য ধাৰাৰ অধীনত কেইলানিমান গোচৰ ৰুজু কৰাৰ পাচত ৰাজহুৱা জীৱনৰ পৰা তেওঁ হঠাতে অন্তৰ্ধান হৈ পৰিছিল ৷

ৰাজনৈতিক জটিলতাই দাৰ্জিলিঙৰ চাহৰ পিয়লা গৰমাই তুলিছে
ৰাজনৈতিক জটিলতাই দাৰ্জিলিঙৰ চাহৰ পিয়লা গৰমাই তুলিছে

By

Published : Nov 28, 2020, 9:38 AM IST

Updated : Nov 28, 2020, 11:00 AM IST

পশ্চিমবংগত আগন্তুক মহত্বপূৰ্ণ বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ‘দাৰ্জিলিং চাহৰ’সদা গৰম পিয়লাটো মমতা বেনাৰ্জীৰ চৰকাৰখন আৰু বিৰোধী দল বি জে পিৰ বাবে এক ‘ছিজলাৰ’লৈ হিচাপে পৰিগণিত হৈছে ৷

বিগত তিনি বছৰ ধৰি পাৰ্বত্য জিলাখন আৰু টেৰাই অঞ্চলটো তুলনামূলকভাৱে নিষ্ক্ৰিয় হৈ থকাৰ পাচত গোৰ্খা জনমুক্তি মৰ্চাৰ (জি জে এম) প্ৰাক্তন প্ৰমুখ বিমল গুৰুঙৰ আকস্মিকভাৱে হোৱা নাটকীয় পুনৰাগমনে চেঁচা পৰিবলৈ ধৰা চাহৰ পিয়লাটোত সমস্যাৰ বুৰবুৰণি সৃষ্টি কৰিছে ৷ উল্লেখ্য যে ২০১৭ চনত গুৰুঙৰ বিৰুদ্ধে ৰাজ্যিক আৰক্ষীয়ে বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন আৰু ভাৰতীয় দণ্ড বিধিৰ অ-জামিনযোগ্য ধাৰাৰ অধীনত কেইলানিমান গোচৰ ৰুজু কৰাৰ পাচত ৰাজহুৱা জীৱনৰ পৰা তেওঁ হঠাতে অন্তৰ্ধান হৈ পৰিছিল ৷

ৰাজনৈতিক জটিলতাঃ ৰাজনৈতিক জটিলতা ডাৰ্জিলিঙৰ

পাহাৰীয়া জিলাখনত চৰকাৰ বিৰোধী প্ৰতিবাদৰ মূল হোতা তথা হিংসাত্মক প্ৰতিবাদক উচতনি দিয়া বুলি গুৰুঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল ৷ উল্লেখ্য যে এই প্ৰতিবাদত আৰক্ষীৰ গুলি চালনাত ১১ জন চৰকাৰ বিৰোধী প্ৰতিবাদকাৰী অৰু এজন সহকাৰী আৰক্ষী অধীক্ষক নিহত হৈছিল ৷ গুৰুং নতুন দিল্লী,ছিক্কিম, নেপাল আৰু ঝৰখণ্ডত আত্মগোপন কৰি আছিল বুলি জানিব পৰা গৈছে আৰু তেওঁক খুব কমেইহে ৰাজহুৱা স্থানসমুহত দেখা গৈছিল ৷

আইনী খুটিনাটিবোৰ বাদ দিয়ো,২১ অক্টোবৰত হোৱা গুৰুঙৰ পুনৰাগমণৰ লগত আন এটা দিশো জৰিত হৈ আছে ৷ সেইটো হ’ল তেওঁ প্ৰকাশ্যে মমতা বেনাৰ্জীক কৰা সমৰ্থন আৰু বিজেপিক ৰাজহুৱাকৈ কৰা নিন্দা ৷ তেওঁ সেই একেই বিজেপি দলটোক ৰাজহুৱাকৈ নিন্দা কৰিছিল যিটো দলৰ প্ৰতি তেওঁ ২০০৭ চনৰ পৰা সমৰ্থন জনাই আহিছিল আৰু যাৰ ফলত ২০০৯ চনৰ পৰা একেলেঠাৰিয়ে গেৰুৱা দলটোৱে তিনিটাকৈ লোকসভা নিৰ্বাচনত ডাৰ্জিলিঙৰ আসনখন দখল কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ বিপৰীতে গুৰুঙে দাৰ্জিলিং তথা পৃথক ৰাজ্য দাবী সংক্ৰান্তত বিজেপিয়ে প্ৰতিশ্ৰুতি পূৰণ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷

জটিলতাসমূহ আৰু এইসমূহৰ আৰম্ভণি কেনেকৈ হ’ল

অন্ধ্ৰ প্ৰদেশক দুভাগত বিভক্ত কৰি তেলেংগানাক এখন পৃথক ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ যি সিদ্ধান্ত ইউ পি এ চৰকাৰৰে ল’লে সেই কাৰ্যত এটা পেণ্ডৰা বাকচ খুলি দিলে ৷ ই সীমান্ধ্ৰ,বড়োলেণ্ড,বুন্দেলখণ্ড, বিদৰ্ভ আৰু হৰিত প্ৰদেশৰ যি দাবী তাক পুনৰ জাগ্ৰত কৰি তুলিলে ৷ কিন্তু উপৰিউক্ত দাবীবোৰতকৈ গোৰ্খালেণ্ডৰ দাবী সদায়ে পৃথক আছিল ৷ কিয়নো প্ৰথমতে ইয়াৰ ঐতিহাসিক পটভূমিৰ ফালৰ পৰা আৰু দ্বিতীয়তে ইয়াৰ হিংসাত্মক অতীত ৷

এক শতিকাতকৈও অধিক সময়জুৰি উত্তৰ বংগৰ গোৰ্খাসকলে এখন পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰি আহিছে ৷ দাৰ্জিলিং পাহৰত এই বিষয়ক লৈ সৃষ্টি হোৱা প্ৰথমটো অসন্তুষ্টিৰ উদাহৰণ পোৱা যায় “হিলমেনছ এছছিয়েশ্বন অৱ দাৰ্জিলিঙে” (এইছ এ ডি) পাৰ্বত্য অঞ্চলটোৰ বাবে “মৰ্লে-মিন্ট’ ৰিফৰ্মছ কমিশ্বন”ক এক পৃথক প্ৰসাশনিক ব্যৱস্থা প্ৰতিষ্ঠাৰ দাবী জনাই স্মাৰকপত্ৰ জ্ঞাপন কৰাৰ ঘটনাটোত ৷

১৯১৭ চনত এইছ এ ডিয়ে দাৰ্জিলিং আৰু জলপাইগুৰিক লৈ এক পৃথক প্ৰশাসনিক গোটৰ প্ৰতিষ্ঠাৰ দাবী জনাই বংগ চৰকাৰ, দ্য ছেক্ৰেটেৰি ষ্টেইট অৱ ইণ্ডিয়া আৰু ভাইছৰয়ক স্মাৰকপত্ৰ প্ৰদান কৰা কাৰ্যৰ জৰিয়তে এই দাবী পুনৰুজ্জীৱিত হৈ উঠে ৷

বৃটিছ চৰকাৰে এই আৱেদন কোনোদিনেই গুৰুত্বসহকাৰে নল’লে ৷ আনহাতে গোৰ্খাসকলেও এই দাবীক প্ৰতিষ্ঠা কৰাত কোনোকালেই থমকি নৰ’ল ৷ এক নিয়মিত ব্যৱধানত এই দাবী চলিয়েই থাকিল ৷ ১৯২৯ চনত চাইমন কমিশ্বনৰ সময়ত, ১৯৩০ চন আৰু ১৯৪১ চনত যেতিয়া বংগ প্ৰদেশৰ পৰা দাৰ্জিলিঙক আঁতৰাই প্ৰধান আয়ুক্তৰ এখন প্ৰদেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ দাবী জনোৱা হয় তেতিয়া ই পুনৰ সাৰ পায় আৰু ১৯৫২ চনত কালিংপঙত যেতিয়া অখিল ভাৰতীয় গোৰ্খা লীগে প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুক সাক্ষাৎ কৰি অৰ্থনৈতিক স্বাধীনতা আৰু গোৰ্খা জাতিৰ বাবে এক ব্যাপক পৰিচয় তথা বংগৰ পৰা পৃথক হোৱাৰ দাবী জনাই ৷ এই আৱেদন আৰু ইয়াৰ সমৰ্থনত কৰা প্ৰতিনিধিত্ব কেতিয়াও থমকি ৰোৱা নাই ৷

কিন্তু এই আটাইবোৰ প্ৰদৰ্শন তথা দাবী জনোৱা কাৰ্যত হিংসাৰ কোনো স্থান নাছিল ৷ কিন্তু এইয়া কেৱল ধুমুহাৰ আগৰ শান্ত পৰিৱেশৰ আগজাননী আছিল ৷

গোৰ্খা জনমুক্তি মৰ্চা

আকাংক্ষাৰ মাধ্যম হিংসা

৮০ৰ দশকত গোৰ্খালেণ্ড পৃথক ৰাজ্যৰ দাবী জনোৱা কাৰ্যক লৈ হিংসাৰ সৃষ্টি হৈছিল ৷ ১৯৮০ চনৰ ৫ এপ্ৰিল তাৰিখে সুভাষ ঘিছিঙৰ নেতৃত্বত গোৰ্খা নেশ্বনেল লিবাৰ্টি ফ্ৰন্টে (জি এন এল এফ) এলানী ৰক্তাক্ত কাৰ্যসূচী গ্ৰহণ কৰাৰ ফলশ্ৰুতিত দাৰ্জিলিঙৰ পাহাৰত পোন প্ৰথমবাৰৰ বাবে ৰক্তপাত হয় ৷ ঘটনাক্ৰমে ১৯৮৮ চনৰ ২২ আগষ্টত “দ্য দাৰ্জিলিং গোৰ্খা হিল কাউন্সিল” (ডি জি এইছ চি) অৰ গঠনেৰে এই কাৰ্যসূচীৰ অন্ত পৰে ৷ কিন্তু পাহাৰৰ পূৰ্ৱৰ সেই নীৰৱতা কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ বুট জোতাৰ গিৰিপ গাৰাপ শব্দত থানবান হৈ পৰিল আৰু এই হিংসাত্মক কাৰ্যই প্ৰায় ১২ শতাধিক জীৱন কাঢ়ি নিলে ৷

পৰৱৰ্তী পৰ্যায়ত সুভাষ ঘিছিং পাহাৰৰ সৰ্বোচ্চ কৰ্তৃপক্ষ,পৰিষদ তথা ডি জি এইছ চিৰ কাৰ্যবাহী হৈ পৰে৷ কিন্তু সকলো পৰিচয় বিচাৰি কৰা ৰাজনীতিৰ দৰেই ডি জি এইছ চিৰ নেতৃত্বইও পৃথক ৰাজ্যৰ দাবী প্ৰসংগটোক একেবাৰে সমাপ্তি নঘটালে ৷ তেওঁলোকে ইয়াক উমি উমি জলাই ৰাখিলে আৰু ২০০৪ চনত ঘিছিঙে পৰিষদখনৰ এলেকাক সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কৰিবলৈ দাবী উত্থাপন কৰে ৷

ষষ্ঠ অনুসূচী নে অন্য অভিপ্ৰায় ?

সংবিধানৰ বিশেষজ্ঞ সকল তথা ৰাজনৈতিক সমীক্ষক সকলৰ মতে সংবিধানৰ ষষ্ঠ অনুসূচীৰ যি ব্যৱস্থা সেইয়া গোৰ্খাসকলৰ স্বায়ত্ব শাসনৰ যি আকাংক্ষা তাক পূৰণ কৰিবলৈ আটাইতকৈ উৎকৃষ্ট বিকল্প আৰু এক উল্লেখযোগ্য পদক্ষেপ আছিল ৷ লগতে ই অসমৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ক্ষেত্ৰত হোৱাৰ দৰে উগ্ৰপন্থীৰ যি আশংকা তাকো প্ৰশমিত কৰিব ৷

গোৰ্খাসকলৰ বাবে এই পদক্ষেপ পৃথক কৈ ৰাজ্য এখন প্ৰতিষ্ঠা কৰাৰ যি দাবী সেই ক্ষেত্ৰত আপোচ কৰা যেন হ’ল হেতেন ৷ কিন্তু সংবিধানৰ কোনোটো দফাতে এই কথাৰ উল্লেখ কৰা হোৱা নাই যে ষষ্ঠ অনুসূচীৰ অধীনত প্ৰশাসন ব্যৱস্থা চলি থকা কোনো এলেকাক এখন সম্পূৰ্ণ ৰাজ্যত পৰিণত কৰিব নোৱাৰি ৷

ভুল ক’ত হ’ল ?

এফালে ঘিছিঙে পাৰ্বাত্য জিলাখনৰ বাবে ষষ্ঠ অনুসূচীৰ দাবী জনাইছিল আৰু আনহাতে তেওঁৰ ৰাজনৈতিক প্ৰতিদ্বন্দীসকলে সংবিধানিক বিধানসমূহৰ ভুলকৈ বুজি পোৱাৰ ফলত তেওঁৰ পদক্ষেপক প্ৰতিবাদ জনাবলৈ আৰম্ভ কৰি দিছিল ৷ অৱশেষত কেন্দ্ৰই এই প্ৰস্তাৱটিৰ সংক্ৰান্তত আৰু আগনাবাঢ়িবলৈ সিদ্ধান্ত লয় ৷

এই অচলাৱস্থাৰ লগত ঘিছিঙৰ একচ্ছত্ৰী প্ৰশাসনিক ব্যৱস্থা,পথসমূহৰ বিপৰ্যস্থ অৱস্থা,বিশুদ্ধ খোৱা পানীৰ অভাৱ আৰু পৰিস্কাৰ পৰিচ্ছন্নতা তথা উপযুক্ত নলা নৰ্দমাৰ ব্যৱস্থাৰ অভাৱ আদিৰ সমস্যাসমূহে তাল মিলাই ডি জি এইছ চি সম্পৰ্কত জনসাধাৰণক সন্দিহান কৰি তুলিছিল ৷ পৰিষদৰ বহু কেইজন সদস্যই ঘিছিঙৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছিল আৰু অৱশেষত ২০০৭ চনত জি এন এল এফত এক বিভাজনৰ সৃষ্টি হয় ৷

এটা টিভি ৰীয়েলিটি শ্ব’ আৰু বিমল গুৰুঙৰ উত্থান

জি এন এল এফৰ ভিতৰ চৰাত যিজন ব্যক্তি ফ্ৰন্ট ৰাণাৰ হিচাপে আৱিৰ্ভাৱ হৈছিল তেওঁ আছিল ঘিছিঙৰ বিশ্বস্ত লেফটেনেন্ট সকলৰ অন্যতম বিমল গুৰুং৷ আমোদজনক কথাটো হ’ল ঘিছিঙৰ উত্থানক কোনো ৰাজনৈতিক পৰিঘটনাই সহায় কৰা নাছিল ৷ বৰঞ্চ এটা টিভি ৰীয়েলিটি শ্ব’য়েহে সহায় কৰিছিল ৷ ৰীয়েলিটি শ্ব’ ইণ্ডিয়ান আইড’লৰ প্ৰতিযোগী গায়ক প্ৰশান্ত টামাঙৰ বাবে ঘিছিঙে ব্যাপক সমৰ্থন গোটাবলৈ সক্ষম হোৱাৰ পাচত দাৰ্জিলিং পাৰ্বত্য অঞ্চলৰ জনসাধাৰণে গুৰুঙৰ পিচত ৰেলীসমূহত ভাগ ল'বলৈ ওলাই আহিছিল ৷

টামাঙে ইণ্ডিয়ান আইড’লৰ খিতাপ অৰ্জন কৰে আৰু জি এন এল এফ দুভাগত বিভক্ত হৈ গোৰ্খা গণমুক্তি মৰ্চা (জি জে এম) অস্তিত্বলৈ আহে আৰু ইয়াৰ নেতা হিচাপে বিমল গুৰুং পোহৰলৈ আহে ৷ এই বিমল গুৰুঙেই ডি জি এইছ চিৰ অদক্ষতাৰ বাবে ঘিছিঙৰ সৈতে অপবাদৰ ভাগিদাৰ হ’ব লগা আছিল ৷ কিয়নো তেওঁ ডি জি এইছ চিৰ এজন কাৰ্যনিৰ্বাহক হিচাপে ঘিছিঙৰ সামানেই দায়ী আছিল ৷ কিন্তু বুৰঞ্জীয়ে সদায় নিজৰ ধৰণেৰে ঢৌবোৰৰ গতি সলাই ৷

ৰাজনীতিত ভালকৈ বুৰ মাৰিবলৈ আৰু নিজৰ স্থিতিক সবল কৰি তুলিবলৈ গুৰুঙৰ জি জে এমে ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনত দাৰ্জিলিঙৰ লোকসভা আসনখনৰ পৰা প্ৰতিদ্বন্দিতা কৰা বিজেপিৰ যশৱন্ত সিঙক সমৰ্থন আগবঢ়াই ৷

সিং জয়যুক্ত হয়,কিন্তু এন ডি এয়ে পৰাজয় বৰণ কৰিব লগা হয় ৷ লগে লগে পুনৰুজ্জীৱিত হৈ পৰা পৃথক গোৰ্খা লেণ্ডৰ আকাংক্ষাও স্তিমিত হৈ পৰে ৷ পশ্চিম বংগ বিধানসভাই সৰ্বসন্মতিক্ৰমে ৰাজ্যখনৰ পুনৰ বিভাজনৰ যিকোনো পদক্ষেপৰ বিৰুদ্ধে এটা প্ৰস্তাৱ গৃহিত কৰে ৷ কোনো ধৰণৰ সুৰুঙাৰ অৱকাশ নথকাত তথা বিধানসভাৰ নিৰ্বাচনৰো সমাপ্তি ঘটাত গুৰুঙে নিজে যি কৰ্মত পাৰ্গত তাকে কৰিবলৈ আৰম্ভ কৰে ৷ অৰ্থাৎ তেওঁ হিংসাত্মক কাৰ্যকলাপত নিয়োজিত হৈ পৰে ৷

পাৰ্বত্য অঞ্চলটোলৈ হিংসাৰ পুনৰাগমণ

২০১১ চনৰ ফেব্ৰুৱাৰী মাহত গুৰুঙৰ নেতৃত্বত জি জে এমৰ সমৰ্থকসকলে গৰুবাথানৰ পৰা জয়গাঁৱলৈ কৰা এক “লং মাৰ্চ”ৰ সময়ত যেতিয়া জলপাইগুৰিত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া আৰক্ষীয়ে তেওঁলোকৰ ওপৰত গুলিচালনা কৰে৷ ইয়াৰ পৰৱৰ্ত্তী পৰ্যায়ত পাৰ্বত্য জিলাখনত হিংসাত্মক কাৰ্যকলাপ আৰম্ভ হয় আৰু এক ৯ দিনীয়া বন্ধৰ পালন কৰা হয় ৷

২০১১ চনৰ নিৰ্বাচনৰ ফলাফলে বংগত বামপন্থীক আঁতৰাই মমতা বেনাৰ্জীক শাসনভাৰ প্ৰদান কৰে৷ জি জে এমে পাৰ্বত্য জিলাখনৰ দাৰ্জিলিং,কুৰ্ছিঅন আৰু কালিংপঙ তিনিওখন আসনতেই জয়ী হয় আৰু ৰাজ্যৰ বিধানসভাত সবল স্থিতিৰে থিতাপি লয় ৷ ২০১১ জুলাইত জি জে এম,পশ্চিমবংগ চৰকাৰ আৰু কেন্দ্ৰৰ মাজত অৰ্ধ স্বায়ত্ব শাসিত প্ৰশাসনিক সন্থা– দ্য গোৰ্খালেণ্ড টেৰিটৰিয়েল কাউন্সিল (জি টি এ) গঠনৰ বাবে স্মাৰকপত্ৰ এখন স্বাক্ষৰিত হয় ৷ ছেপ্টেম্বৰত ৰাজ্য বিধানসভাই জি টি এ খন গৃহীত কৰে আৰু ২০১২ চনত যেতিয়া জি টি এৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয় তেতিয়া জি জে এমে ১৭ খন আসনত জয়যুক্ত হয় আৰু আন ২৮ খনত বিনা প্ৰতিদ্বন্দিতাৰেই দখল কৰে ৷ এই সময়চোৱা গুৰুং আৰু মমতা বেনাৰ্জীৰ চৰকাৰৰ বাবে মধুচন্দ্ৰিকাৰ মুহুৰ্ত আছিল ৷ কিন্তু সদায় হোৱাৰ দৰেই এই সময়চোৱাও চিৰদিনৰ বাবে অহা নাছিল ৷

ৰাজনীতিবিদ মমতাই জানিছিল যে জি জে এম বিজয়ী হোৱাৰ পাচত তেওঁ সমতল আৰু টেৰাই-দুৱাৰ অঞ্চলত নিজকে প্ৰতিষ্ঠা কৰিব লাগিব,নহ’লে তেওঁ আৰু অধিক ভিত্তি হেৰুৱাব লগাত পৰিব৷ যদিও জি টি এৰ হাতত ইয়াৰ অধীনত থকা সমগ্ৰ অঞ্চলৰে সকলো স্বাস্থ্য আৰু শিক্ষা প্ৰতিষ্ঠানসমূহৰ চূড়ান্ত কৰ্তৃত্ব আছে তথাপি মমতা বেনাৰ্জীয়ে তেওঁৰ তৰফৰ পৰা এই সমূহ পৰ্যবেক্ষণৰ বাবে দুজনকৈ মন্ত্ৰী নিযুক্ত কৰিছিল ৷ ইয়াৰ সমান্তৰাল কৈ আন এক পদেক্ষেপত তেওঁ ১৫ টা খিলঞ্জীয়া জাতিৰ বাবে পৃথক উন্নয়ন ব’ৰ্ডৰ সৃষ্টি কৰিছিল আৰু তেওঁলোকৰ মাজত পুঁজি বিতৰণ কৰিছিল ৷ উল্লেখ্য যে ইয়াৰ অধিক সংখ্যকেই নেপালী ভাষী৷ এনেধৰণৰ পুঁজিৰ নিৱেশ এক নিয়মিত কৰ্ম হিচাপে পৰিগণিত হৈ আহিছে৷ গুৰুঙেও জানিছিল যে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে দাৰ্জিলিঙত নিজৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হয় তেনহ’লে সেইয়া হ’ব কেৱল জি জে এমৰ মূল্যৰ বিনিময়ত ৷ ইয়াৰ পাচতেই দুয়োপক্ষৰে মধুচন্দ্ৰিকাৰ সমাপ্তি ঘটে আৰু গুৰুঙে জি টি এৰ পৰা অব্যাহতি লয় ৷

তেতিয়াৰ পৰাই তিস্তাই খৰকৈ ব'বলৈ ধৰে ৷ ২০১৬ চনত মমতা দ্বীতিয়টো কাৰ্যকালৰ বাবে জয়ী হয় ৷ তৃণমূলে জে জি এমৰ নাকৰ তলৰেই চিভিক বডী নিৰ্বাচনত দাৰ্জিলঙৰ পাদদেশৰ মিৰিক অঞ্চল কাঢ়ি নিয়ে ৷ ইয়াৰ পাচতেই ২০১৭ চনৰ ৮ জুনত যেতিয়া মমতা বেনাৰ্জীয়ে দাৰ্জিলিঙত ৰাজ্যিক মন্ত্ৰীমণ্ডলৰ বৈঠক এখন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লয় তেতিয়াই সকলো খেলিমেলি হৈ পৰে ৷

পলাতক বিমল গুৰুং

পশ্চিমবংগ চৰকাৰে সৰহসংখ্যক নেপালী ভাষী লোক থকা দাৰ্জিলিঙকে ধৰি সমগ্ৰ ৰাজ্যতে ৰাজ্য চৰকাৰৰ দাৰা পৰিচালিত বিদ্যালয়সমূহত বেংগলী ভাষা বাধ্যতামূলক কৰাৰ এক প্ৰস্তাৱ উত্থাপন কৰিছিল ৷ এই কাৰ্যই জলা জুইত ঘিউ ধলাৰ দৰে কাম কৰিলে ৷ গুৰুঙে পাৰ্বত্য জিলাখন আৰু টেৰাই ডুৱাৰ অঞ্চলত অনিৰ্দিষ্ট কাল পৰ্যন্ত বন্ধৰ ঘোষণা কৰে ৷

মমতাই কঠোৰ পদক্ষেপ লয় আৰু এই প্ৰতিবাদ দমন কৰিবলৈ আৰক্ষী প্ৰশাসনক প্ৰেৰণ কৰে ৷ ইয়াৰ ফলাফল স্বৰূপে এক ৰক্তাক্ত প্ৰদৰ্শন আৰু ১০৪ দিন দৈৰ্ঘৰ বন্ধ আৰু চৰকাৰী বেচৰকাৰী দুয়ো পক্ষৰে জীৱন আৰু সম্পদৰ ক্ষতি হয় ৷ বিশ্বৰ অমূল্য দাৰ্জিলিঙৰ চাহ প্ৰকৃতাৰ্থত বাগানতেই ধ্বংস হৈ যায় ৷ কিয়নো বন্ধ চলি থকাৰ ফলত চাহ কৰ্মীসকলে কামলৈ যাবলৈ সন্মত হোৱা নাছিল ৷ গুৰুং আৰু তেওঁৰ কেইবাজনো সতীৰ্থৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰা হয় ৷ তেওঁলোক আৰু তথা আন আন জি জে এম সমৰ্থক সকলক পালয়ন কৰিবলৈ বাধ্য হয় ৷

জি জে এম বিভাজিত হয় আৰু ইতিহাসে পুনৰাবৃত্তি কৰাৰ দৰেই গুৰুঙৰ বিশ্বস্ত বিনয় টামাং নামৰ এজনেই বিভাজন এটাৰ এজন অন্যতম ফ্ৰন্ট ৰানাৰ হিচাপে আৱিৰ্ভূত হয়৷ গুৰুঙৰ আন আন বিশ্বস্ত সকল অনিত থাপা আদিসকলৰ সৈতে টামাঙে বৰ্তমান জি টি এ পৰিচালনা কৰি আছে ৷ এই আন্দোলনৰ সময়তেই টামাঙে মমতা বেনাৰ্জী চৰকাৰখনৰ প্ৰতি সদয় ভাৱ দেখুৱাইছিল আৰু এক আলোচনাত মিলিত হৈছিল আৰু আন্দোলনৰ সমাপ্তি ঘটাইছিল ৷

এতিয়া কি ?

মমতা বেনাৰ্জীক সমৰ্থন জনাবলৈ লোৱা বিমল গুৰুঙৰ সিদ্ধান্তই পাৰ্বত্য জিলাখনত দৃশ্যপট সলনি কৰিব পাৰিব নে ? জে জি এমৰ দুই যুঁজুধাম ফৈদ—গুৰুঙৰ ফৈদ আৰু টামাঙৰ ফৈদ উভয়ৰে মাজত ভাল সম্পৰ্ক গঢ় লৈ উঠিবনে ? যদি দুয়ো গুৰুং আৰু টামাং ফৈদ একেলগ হয় আৰু জে জি এমে টি এম চিৰ সৈতে জোটবন্ধন গঠন কৰে তেনেহ’লে গোৰ্খা লেণ্ডৰ আকাংক্ষাটোৰ কি গতি হ’ব আৰু দাৰ্জিলিং আৰু টেৰাইৰ জনসাধাৰণে কাৰ সৈতে জোটবন্ধন গঠন কৰিব ? এতিয়া দুয়োটা ফৈদেই সম্পূৰ্ণ মমতা সমৰ্থক ৷ ই জে জি এমৰ অন্তৰ ইংগিত বহন কৰে নে কি ? পাৰ্বত্য অঞ্চলটোৰ জনসাধাৰণে গোৰ্খালেণ্ডৰ দাবীটোক পুনৰ নকৈ জীয়াই তুলালৈ ৰ’ব লাগিব নে কি ? পাৰ্বত্য জিলাখনত বি জে পিৰ কি হ’ব ?

এনেধৰণৰ বহু প্ৰশ্নই চিলিগুৰিৰ পৰা দাৰ্জিলিঙলৈকে যোৱা অকোঁৱা পকোৱা ৰাস্তাটোৰ লগে লগে বতাহৰ সৈতে গতি কৰে ৷ কিন্তু বৰ্তমানলৈকে বহুসংখ্যকৰে কোনো ধৰণৰ সঠিক উত্তৰ নাই ৷ এইটো এতিয়া এক অপেক্ষাৰ খেল হিচাপে পৰিগণিত হৈছে ৷ কিয়নো কেন্দ্ৰৰ বিজেপি চৰকাৰখনে পশ্চিমবংগৰ বিধানসভাৰ নিৰ্বাচনৰ আগত গুৰুঙৰ পদক্ষেপত কিদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেইটো চোৱাটো আমোদজনক হ’ব ৷

যেতিয়া ফ্ৰেংকলিন প্ৰেছটেজে ১৮৭৯ চনত প্ৰথমবাৰৰ বাবে দাৰ্জিলিঙত ৰেইলৰ ট্ৰেক বহুৱাইছিল তেতিয়া তেওঁ উচ্চতা জুখিবৰ বাবে ‘জেড-ৰিভাৰ্ছ’ নামেৰে এক অদ্বিতীয় শৈলীৰ উদ্ভাৱন কৰিছিল ৷ এই প্ৰক্ৰিয়াত ৰেইলখনে প্ৰথমে এটা টিলা বগাই লয়, তাত ৰয় আৰু ইয়াৰ পাচত পিচলৈ আহি এক ষ্টীপলাইনত বগাই আৰু আনটো ফালৰ অধিক উচ্চতাটো পাইগৈ আৰু তেনেকৈয়ে আগলৈ যোৱাৰ আৰম্ভ কৰি পৰৱৰ্ত্তী স্তৰ পাইগৈ ৷ ‘জেড-ৰিভাৰ্ছ’ৰ মূল ধাৰণাটোৰ অন্তৰালত আছে যদি আগলৈ যোৱাটো সম্ভৱ নহয় তেনেহ’লে পিচ হুহুকি আহি নতুন ৰাস্তাৰ সন্ধান কৰি আগুৱাই যোৱাটোৱেই শ্ৰেয় ৷

দাৰ্জিলিং আৰু টেৰাইৰ সকলো কৰ্তৃপক্ষৰ বাবে এই ‘জেড-ৰিভাৰ্ছ’ ধাৰণাটো এক দৃষ্টি মুকলি কৰা ধাৰণা হিচাপে পৰিগণিত হ’ব পাৰে ৷ এইয়াই সময় এইটো বুজি উঠাৰ যে ৰাজনীতিত কেতিয়াও পোনে পোনে যাব পৰা কোনো পথ নাই ৷

দীপাংকৰ বসু,নিউজ ক’অৰ্ডিনেটৰ,ই টিভি ভাৰত

লগতে চাওকঃ বাক্যবাণ : হিমন্ত বিশ্ব শৰ্মা বনাম হাগ্ৰামা মহিলাৰী

Last Updated : Nov 28, 2020, 11:00 AM IST

ABOUT THE AUTHOR

...view details