নেশ্বনেল ডেস্ক, 4 অক্টোবৰ : ৰাঁচীৰ নক্সাল প্ৰভাৱিত দশম অঞ্চলত নক্সালবাদীৰে আৰক্ষী বিভাগৰ সংঘৰ্ষ হোৱাৰ পাছতে দুজনকৈ জোৱানে মৃত্যুক সাৱটি লৈছে ৷ সংঘৰ্ষৰ ফলত এজন জোৱানে ঘটনাস্থলীতে মৃত্যুক সাৱটি লোৱাৰ লগতে আনজনে মেডিকা হাস্পাতালত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় ৷
ৰাঁচীত আৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ : নিহত দুই জোৱান - ৰাঁচীৰ নক্সাল প্ৰভাৱিত দশম অঞ্চল
ৰাঁচীৰ নক্সাল প্ৰভাৱিত দশম অঞ্চলত নক্সালবাদীৰে আৰক্ষী বিভাগৰ সংঘৰ্ষ হোৱাৰ পাছতে দুজনকৈ জোৱানে মৃত্যুক সাৱটি লৈছে ৷ সংঘৰ্ষৰ ফলত এজন জোৱানে ঘটনাস্থলীতে মৃত্যুক সাৱটি লোৱাৰ লগতে আনজনে মেডিকা হাস্পাতালত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় ৷
![ৰাঁচীত আৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ : নিহত দুই জোৱান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4648651-thumbnail-3x2-na-2.jpg)
আৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ
ৰাঁচীৰ খুন্টী জিলাৰ ঘন জংঘলত নক্সালবাদীৰ উপস্থিতিৰ খবৰ লাভ কৰাৰ পাছতে আৰক্ষী বিভাগ সেই স্থানত উপস্থিত হয় ৷ ইয়াৰ পাছতে দুই পক্ষৰ মাজত হোৱা গুলীচালনাত দুইজন জোৱানে মৃত্যুক সাৱটি লয় ৷
শ্বহীদ জোৱান দুজন অখিলেশ ৰাম আৰু খঞ্জন কুমাৰ বুলি জানিব পৰা গৈছে ৷