অসম

assam

ETV Bharat / bharat

বিহাৰত উদ্ধাৰ অসমৰ যুৱক-যুৱতী - Etv Bharat

অসমৰ পৰা নিৰুদ্দেশ হোৱা 11 জন লোকক বিহাৰৰ সাৰণ জিলাত উদ্ধাৰ আৰক্ষীৰ ৷ সাৰণ আৰক্ষীয়ে এক অভিযান চলাই বিহাৰৰ মশৰখ আৰক্ষী থানাৰ অন্তৰ্গত বনসৌহী বজাৰ এলেকাৰ পৰা 9 গৰাকী যুৱতীসহ 2 জন যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

বিহাৰত উদ্ধাৰ অসমৰ যুৱক-যুৱতী

By

Published : Aug 9, 2019, 6:19 PM IST

নিউজ ডেস্ক, 9 আগষ্ট: অসমৰ পৰা নিৰুদ্দেশ হোৱা 11 জন লোকক বিহাৰৰ সাৰণ জিলাত উদ্ধাৰ আৰক্ষীৰ ৷ সাৰণ আৰক্ষীয়ে অভিযান চলাই বিহাৰৰ মশৰখ আৰক্ষী থানাৰ অন্তৰ্গত বনসৌহী বজাৰ এলেকাৰ পৰা 9 গৰাকী যুৱতীসহ 2 জন যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

বিহাৰত উদ্ধাৰ অসমৰ যুৱক-যুৱতী

জানিব পৰা মতে সাংস্কৃতিক অনুষ্ঠান সমূহৰ লগত জড়িত এই 11 জনীয়া দলটোক বিহাৰত এক অনুষ্ঠান পৰিৱেশন কৰিবলৈ অনা হৈছিল ৷ সাৰণ সাধনা সাংস্কৃতিক গোষ্ঠীৰ সঞ্চালক ৰাজু পেটেলে দলটোক বিহাৰলৈ আনিছিল অনুষ্ঠান পৰিৱেশন কৰাৰ উদ্দেশ্যে ৷ পিছত আৰক্ষী অধীক্ষক হৰকিশোৰ ৰায় আৰু মশৰখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰত্নেশ কুমাৰৰ যুটীয়া অভিযানত 73 নং সিতলপুৰ-সিৱান ৰাষ্ট্ৰীয় ঘাইপথস্থিত গ্ৰামীণ বেংকৰ সমীপৰ এটা ঘৰৰ পৰা উদ্ধাৰ হয় লোককেইজন ৷ য'ত তেওঁলোকক পণবন্দী কৰি ৰখা হৈছিল ৷ ঘৰটোৰ মালিকে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় যদিও ঘটনাটোৰ অভিযুক্ত সাৰণ সাধনা সাংস্কৃতিক গোষ্ঠিৰ সঞ্চালক ৰাজু পেটেলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

দলটোৰ যুৱতীকেইগৰাকীয়ে আৰক্ষীৰ আগত ব্যক্ত কৰা মতে অনুষ্ঠান পৰিৱেশনৰ ভুৱা প্ৰলোভন দি তেওঁলোকক বলপূৰ্বকভাৱে নানা অনৈতিক কাৰ্যত লিপ্ত কৰোৱাৰ চেষ্টা কৰা হৈছিল ৷ আৰু ইয়াৰ বিৰোধিতা কৰাত তেওঁলোকৰ ওপৰত প্ৰহাৰ কৰা হৈছিল ৷ ইমানেই নহয় অভিযুক্ত ৰাজু পেটেলে তেওঁলোকৰ মোবাইল ফোনসমূহো কাঢ়ি লৈছিল যাতে তেওঁলোকে আত্মীয় বা আৰক্ষীৰ সৈতে কোনো ধৰণৰ যোগাযোগ ৰাখিব নোৱাৰে ৷

অৱশেষত যুৱতীকেইগৰাকীয়ে কোনোমতে হোৱাটছএপৰ জৰিয়তে ঘৰৰ মানুহক এই বিষয়ে অৱগত কৰাত অসম আৰক্ষী আৰু বিহাৰ আৰক্ষীৰ যুটীয়া অভিযানত দলটোক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details