অসম

assam

দিল্লী আৰক্ষীৰ প্ৰতিবাদলৈ সমৰ্থন তিনি ৰাজ্যৰ আই পি এছ এছ'চিয়েচনৰ !

By

Published : Nov 5, 2019, 6:53 PM IST

তুংগত উঠিছে দিল্লী আৰক্ষী আৰু অধিবক্তাৰ প্ৰতিবাদ ৷ দিল্লী আৰক্ষীৰ প্ৰতিবাদক সমৰ্থন পৰিয়ালৰ লোক তথা হাৰিয়ানা, বিহাৰ, আৰু তামিলনাডু আৰক্ষীৰ ৷

দিল্লী আৰক্ষীৰ প্ৰতিবাদক সমৰ্থন তিনি ৰাজ্যৰ আৰক্ষী

নিউজ ডেস্ক, 5 নৱেম্বৰঃ তুংগত উঠিছে দিল্লী আৰক্ষী আৰু অধিবক্তাৰ প্ৰতিবাদ ৷ তিছ হাজাৰী সংঘৰ্ষক কেন্দ্ৰ কৰি অধিবক্তাসকলে কৰ্মবিৰতি ঘোষণা কৰাৰ পাচতেই মঙলবাৰে দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত সাব্যস্ত কৰে দিল্লী আৰক্ষীয়ে ৷ দিল্লী আৰক্ষীৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই আৰক্ষীসকলৰ পৰিয়ালৰ লোকেও ইণ্ডিয়া গেটৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ হাতত ক'লা বেজ পৰিধান কৰি পৰিয়ালৰ লোকে সাব্যস্ত কৰে প্ৰতিবাদ ৷ পৰিয়ালৰ দাবী গৃহ বিভাগে আৰক্ষীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে অভিযুক্ত অধিবক্তাগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক ৷

পৰিয়ালৰ প্ৰতিবাদ

ইপিনে, দিল্লী আৰক্ষীৰ এই প্ৰতিবাদক সমৰ্থন জনাইছে তামিলনাডু, হাৰিয়ানা, বিহাৰৰ আই পি এছ এছ'চিয়েছনে ৷ তিনিখন ৰাজ্যৰ আৰক্ষীয়ে দিল্লী আৰক্ষীক সমৰ্থন জনোৱাৰ লগতে বিষয়টো সন্দৰ্ভত অনুসন্ধানৰ দাবী কৰিছে ৷

বিহাৰ আৰক্ষীৰ সমৰ্থন

বিহাৰ আৰক্ষী সংস্থাই মন্তব্য কৰে যে, আৰক্ষী আৰু অধিবক্তা দুয়োটি ফৈদে আইনৰ বিষয়ে অৱগত ৷ সেয়েহে কোনোও আইন হাতত তুলি ল'ব নালাগে ৷

তামিল নাডু আৰক্ষীয়ে 2 নৱেম্বৰত সংঘটিত তিছ হাজাৰী সংঘৰ্ষক দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৷

তামিলনাডু আৰক্ষীৰ সমৰ্থন

সৰ্বভাৰতীয় উকিল সন্থাৰ সভাপতি আদেশ আগৰবালে মন্তব্য কৰে যে, আৰক্ষীৰ বিষয়া সকলৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ অধিকাৰ আছে ৷ তিছ হাজাৰী সংঘৰ্ষ এটি সৰু ঘটনা ৷ কিন্তু দুৰ্ভাগ্যৰ বিষয় যে সেইদিনা সমগ্ৰ বিষয়টোৰ দায়িত্বত থকা আৰক্ষী আৰু অধিবক্তা কোনেও নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰা নাছিল ৷

আদেশ আগৰবালৰ মন্তব্য

লগতে পঢকঃ তিছ হাজাৰী সংঘৰ্ষ : অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি ঘোষণা জিলা আদালতৰ

উল্লেখ্য যে, ইতিমধ্যে ঘটনাটো সন্দৰ্ভত ছয়খনকৈ এজেহাৰ ৰজু কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details