নেশ্যনেল ডেক্স, 25 মেঃ অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰিলে ৱাড়াংগলত সংঘটিত একেটা শ্ৰমিক পৰিয়ালৰ 9 জনকৈ লোকৰ হত্যাৰ ৰহস্য । লগতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে হত্যাকাণ্ডটোৰ মূল অভিযুক্ত সঞ্জয় কুমাৰ যাদৱক । অভিযুক্ত সঞ্জয় কুমাৰৰ ঘৰ বিহাৰৰ নুৰলপুৰত ।
ৱাড়াংগলৰ আৰক্ষী আয়ুক্ত ৰবিন্দৰে সাংবাদিকৰ আগত ঘটনাৰ বিবৰণ দি কয় যে, অভিযুক্ত সঞ্জয়ে মৃত মকছুদৰ সৈতে পাঁচ বছৰ আগতে চিনাকি হৈছিল । কিছু বছৰ পূৰ্বে মকছুদৰ পত্নীৰ ভনীয়েক ৰফিকাই পশ্চিমবংগৰ পৰা তেওঁলোকৰ ঘৰলৈ ফুৰিব আহে আৰু ইয়াতেই তেওঁৰ সঞ্জয়ৰ সৈতে চিনাকি হয় । পৰৱৰ্তী সময়ত ৰফিকাৰ সঞ্জয়ৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠে আৰু ইয়াৰ পিছত ৰফিকাৰ কন্যাৰ সৈতে সঞ্জয়ৰ সম্পৰ্ক গঢ়ে । ৰফিকাই এই কথা গম পাই সঞ্জয়ৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় । কজিয়াত অতিষ্ঠ হৈ সঞ্জয়ে ৰফিকাক হত্যা কৰাৰ পৰিকল্পনা কৰে । সঞ্জয়ে পৰিয়ালৰ লোকক ৰফিকাক পশ্চিমবংগলৈ নি বিয়াৰ কথা-বাৰ্তা পাতিব বুলি জনাই নিজৰ সৈতে লৈ যায় ।
ৰাস্তাত সঞ্জয়ে ৰফিকাক টোপনিৰ টেবলেটযুক্ত গাখীৰ খাবলৈ দিয়ে । ৰফিকাই নিজৰ চেতনা হেৰুওৱাৰ পিছতেই সঞ্জয়ে ৰফিকাক অন্ধ্ৰ প্ৰদেশৰ নিদাদাভলুত ৰে'লৰ পৰা ঠেলি দিয়ে । ইয়াৰ পিছত সঞ্জয়ে ৰাজামুণ্ড্ৰীৰ পৰা অন্য এখন ৰে'লেৰে ৱাড়াংগললৈ উভটি আহে আৰু পৰিয়ালৰ লোকক ৰফিকা সম্পৰ্কীয় লোকৰ ঘৰত থকা বুলি জনায় ।