অসম

assam

ETV Bharat / bharat

লক ডাউনৰ মাজত প্ৰাক্তন মুখ্য়মন্ত্ৰীৰ পুত্ৰৰ বিবাহক লৈ সমালোচনা - বিদাদীৰ উপ পৰিদৰ্শক চি. ভাস্কৰ

শুকুৰবাৰে লক ডাউনৰ মাজতেই এখন ফাৰ্ম হাউচত বিবাহ পাশত বহিছিল কৰ্ণাটকৰ প্ৰাক্তন মুখ্য়মন্ত্ৰীৰ পুত্ৰ। এই বিবাহৰ খবৰ বিয়পি পৰাৰ পাচতেই যথেষ্ট সমালোচনাৰ সৃষ্টি হৈছে সৰ্বত্ৰ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষী প্ৰশাসনে । কোনো ধৰণৰ লক ডাউনৰ নীতি-নিয়ম উলংঘনৰ কথা অস্বীকাৰ আৰক্ষী তৰফৰ পৰা ।

Police deny lockdown violation at Kumaraswamy's son's wedding
লক ডাউনৰ মাজত প্ৰাক্তন মুখ্য়মন্ত্ৰীৰ পুত্ৰৰ বিবাহক লৈ সমালোচনা

By

Published : Apr 18, 2020, 2:47 PM IST

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ ১৭এপ্ৰিলত লক ডাউনৰ মাজতেই বাংগালুৰু চহৰৰ পৰা আঁতৰত এখন ফাৰ্ম হাউচত বিবাহ পাশত বহিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগ'ড়াৰ নাতি তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইজ ডি কুমাৰাস্বামীৰ পুত্ৰ অভিনেতা নিখিল কুমাৰাস্বামী । লক ডাউনৰ মাজত বিবাহ পতাক লৈ ছ'চিয়েল মিডিয়া, সংবাদ মাধ্যমত সমালোচনা কৰা হৈছিল ।

ইপিনে কৰ্ণাটকৰ শাসনাধীষ্ঠ বিজেপি চৰকাৰ আৰু বিৰোধী জনতা দলৰ (চেকুলাৰ) অভিযোগ প্ৰতি অভিযোগৰ মাজতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষী-প্ৰশাসনে। আৰক্ষীয়ে এই বিবাহ অনুষ্ঠানত কোনো ধৰণৰ লক ডাউনৰ নিয়ম ভংগ কৰাৰ কথা অস্বীকাৰ কৰিছে ।

ৰামানাগাৰা জিলাৰ বিদাদীৰ উপ পৰিদৰ্শক চি.ভাস্কৰে কয়,বিবাহ অনুষ্ঠানত লক ডাউনৰ সকলো নিয়মাৱলী মানি চলা হৈছিল। পৰিয়ালৰ সদস্য আদিকে ধৰি ১০০ জন লোকক ফাৰ্ম হাউচত এই বিবাহ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অনুমতি দিয়া হৈছিল । ফাৰ্ম হাউচত যাবলৈ ৪০ খন বাহনক আৰক্ষী পাচ প্ৰদান কৰা হৈছিল । এই বিবাহ অনুষ্ঠান চাবলৈ অহা ওচৰৰ গাঁওবাসী সকলকো খেদি পঠিওৱা হৈছিল বুলিও জানিবলৈ দিয়ে । বিজেপিৰ জিলাখনৰ সভাপতি এম ৰুদ্ৰেছৰ অভিযোগৰ ভিত্তিহীন আৰু এই বিবাহ অনুষ্ঠানত ৪৫-৫০ জন লোকেহে অংশ লৈ বুলি উল্লেখ কৰে ।

এই অনুষ্ঠানত ১০০ত কৈ অধিক লোকক থাকিবলৈ অনুমতি দিয়া হৈছিল নেকি বুলি কোনো স্থানীয় সংবাদ মাধ্যমত শুনিবলৈ পাইছে নেকি প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে বিজেপিৰ জিলা সভাপতিগৰাকী । আনহাতে যদিহে সভাপতিগৰাকীৰ হাতত এনে কিবা তথ্য অথবা লক ডাউনৰ উলংঘাৰ প্ৰমাণ আছে তেন্তে স্থানীয় আৰক্ষীক জমা দিয়াৰ পাচত তদন্ত কৰা হ'ব বুলি উল্লেখ কৰে উপ পৰিদৰ্শকগৰাকীয়ে ।

এই বিবাহ অনুষ্ঠানৰ বাবে অনুমতি দিয়া হৈছিল । লগতে সকলোকে সাৱধানতা অৱলম্বন কৰাৰো নিৰ্দেশ দিয়া হৈছিল । যদিহে কোনো লোকে সামাজিক দুৰত্ব, মাস্ক পিন্ধা ইত্যাদি নিয়মৰ অৱজ্ঞা কৰিছে তেন্তে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰিছিল ডেপুটি মুখ্যমন্ত্ৰী চি.এন আছৱাথ নাৰায়নে। শুকুৰবাৰে প্ৰাক্তন কৰ্ণাটকৰ মন্ত্ৰী এন.কৃষ্ণাপাৰ ভতিজীয়েক ৰেৱাথীৰ সৈতে বিবাহ পাশত বহিছিল নিখিল কুমাৰাস্বামী ।

ABOUT THE AUTHOR

...view details