অসম

assam

By

Published : Sep 30, 2020, 9:56 AM IST

ETV Bharat / bharat

হাথৰস গণধৰ্ষণঃ পিতৃক ঘৰত আবদ্ধ কৰি ৰাখি নিশাই পীড়িতাৰ মৃতদেহ সৎকাৰ আৰক্ষীৰ

মঙলবাৰে মাজনিশা হাথৰস গণধৰ্ষণ কাণ্ডৰ পীড়িতাৰ মৃতদেহ দিল্লীৰ পৰা চান্দপা থানা ক্ষেত্ৰৰ নিজ গাঁৱলৈ অনা হয় ৷ নিশা মৃতদেহৰ অন্তিম সৎকাৰ নকৰিবলৈ আত্মীয়ই আৰক্ষীক অনুৰোধ কৰাৰ পিছতো আৰক্ষীয়ে নিশাই মৃতদেহ সৎকাৰ কৰে ৷

police cremated Hathras rape victims body despite protest of villagers and family members
হাথৰস গণধৰ্ষণঃ পিতৃক ঘৰত আবদ্ধ কৰি ৰাখি নিশাই পীড়িতাৰ মৃতদেহ সৎকাৰ আৰক্ষীৰ

নেশ্যনেল ডেক্স, 30 ছেপ্তেম্বৰঃ উত্তৰ প্ৰদেশৰ হাথৰস গণধৰ্ষণ পীড়িতাৰ মঙলবাৰে দিল্লীৰ সাফদৰগঞ্জত মৃত্যু হোৱাৰ পিছত নিশা মৃতদেহ নিজ বাসগৃহত উপস্থিত হয় ৷ গাঁওবাসী তথা আত্মীয়ৰ তীব্ৰ প্ৰতিবাদৰ মাজতে প্ৰশাসনে মৃতদেহৰ অন্তিম সৎকাৰ কৰে ৷ আনহাতে,পীড়িতাৰ পিতৃৰ অভিযোগ যে, দাহ কাৰ্যৰ সময়ত তেখতক ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিল আৰক্ষীয়ে ৷

মঙলবাৰে মাজনিশা পীড়িতাৰ মৃতদেহ দিল্লীৰ পৰা চান্দপা থানা ক্ষেত্ৰৰ নিজ গাঁৱলৈ অনা হয় ৷ নিশা মৃতদেহৰ অন্তিম সৎকাৰ নকৰিবলৈ আত্মীয়ই আৰক্ষীক অনুৰোধ কৰাৰ পিছতো আৰক্ষীয়ে নিশাই মৃতদেহ সৎকাৰ কৰে ৷ তথ্য অনুসৰি আৰক্ষীয়ে সৎকাৰস্থলীত পৰিয়ালৰো সকলো লোককে অহাৰ অনুমতি প্ৰদান কৰা নাছিল লগতে সাংবাদিককো বাধা আৰোপ কৰিছিল আৰক্ষীয়ে ৷

আনহাতে, পীড়িতাৰ পিতৃ ওম প্ৰকাশে কয় আৰক্ষীয়ে তেখেতকো নিজ কন্যাৰ অন্তিম সৎকাৰত অংশগ্ৰহণ কৰাৰ পৰা বিৰত ৰাখে ৷ আনকি তেখেতক নিজৰ ঘৰত বন্দী কৰি ৰাখে আৰক্ষীয়ে ৷ ইয়াৰ বিপৰীতে পৰিয়ালৰ সহযোগত পীড়িতাৰ অন্তিম সৎকাৰ সুকলমে সম্পন্ন কৰা হয় ৷ সমগ্ৰ চহৰতে শান্তি ব্যৱস্থা অব্যাহত আছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে জইন্ট মেজিষ্ট্ৰেট প্ৰেম প্ৰকাশ মীনাই ৷

লগতে পঢ়ক-গিলগিট বাল্টিস্তানৰ নিৰ্বাচনক লৈ পাকিস্তানক সমালোচনা ভাৰতৰ

ABOUT THE AUTHOR

...view details