অসম

assam

ETV Bharat / bharat

প্ৰথমে কাজিয়া, তাৰ পিচতেই গুলিচালনা আৰক্ষী জোৱানৰ - চাৰ্ভিছ ৰিভলভাৰেৰে গুলিচালনা

দিল্লী আৰক্ষীত কৰ্মৰত এগৰাকী কনিষ্টবলে সোমবাৰে নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে গুলিচালনা সংঘটিত কৰে । কোনো ব্যক্তিগত কাৰণত এইদৰে ওচৰ-চুবুৰীয়াৰ সৈতে কাজিয়াৰ সূত্ৰপাত ঘটাৰ পিচতেই গুলিচালনা কৰে কনিষ্টবলগৰাকীয়ে ।

গুলিচালনা আৰক্ষী জোৱানৰ
গুলিচালনা আৰক্ষী জোৱানৰ

By

Published : May 5, 2020, 3:13 PM IST

নিউজ ডেস্ক, ৫ মে' :প্ৰথমে কাজিয়াৰ সূত্ৰপাত, তাৰ পিচতে গুলিচালনা । উত্তৰ পূব দিল্লীৰ মীট নগৰ অঞ্চলত সংঘটিত হয় এই ঘটনা । অভিযোগ উত্থাপিত হৈছে এগৰাকী আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে । দিল্লী আৰক্ষীত কৰ্মৰত এগৰাকী কনিষ্টবলে সোমবাৰে নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে গুলিচালনা সংঘটিত কৰে । কোনো ব্যক্তিগত কাৰণত এইদৰে ওচৰ-চুবুৰীয়াৰ সৈতে কাজিয়াৰ সূত্ৰপাত ঘটাৰ পিচতেই গুলিচালনা কৰে কনিষ্টবলগৰাকীয়ে । চিলামপুৰ আৰক্ষী চকীত কৰ্মৰত কনিষ্টবলগৰাকীয়ে সংঘটিত কৰে এই ঘটনা ।

আৰক্ষী কনিষ্টবলগৰাকীৰ গুলিচালনাত পাঁচগৰাকীকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । সোমবাৰে নিশা প্ৰায় ১০ বজাত সংঘটিত হয় এই ঘটনা । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ওচৰ-চুবুৰীয়াৰ সৈতে কোনো কাৰণত কাজিয়াৰ সূত্ৰপাত ঘটে আৰক্ষী কনিষ্টবলগৰাকীৰ । পৰৱৰ্তী সময়ত কাজিয়াই চূড়ান্ত ৰূপ ধাৰণ কৰাৰ ফলত আৰক্ষী কনিষ্টবলগৰাকীয়ে নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে গুলিচালনা সংঘটিত কৰে ।

ঘটনাক লৈ দিল্লী আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে । ঘটনা সন্দৰ্ভত আৰক্ষী কনিষ্টবলগৰাকীৰ লগতে চাৰিগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃচোৰাং চিকাৰীৰ গুলিত নিহত বনকৰ্মী

ABOUT THE AUTHOR

...view details