নেশ্বনেল ডেস্ক, 29 ডিচেম্বৰঃ দক্ষিণ চেন্নাইৰ ৱসন্ত নগৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আল্পনা অঁকাৰ বাবে দেওবাৰে গ্ৰেপ্তাৰ 8 জন ব্যক্তি ৷ ইয়াৰে 5 গৰাকী মহিলা বুলি জানিব পৰা গৈছে ৷ বিনা অনুমতিত আল্পনা অঁকা আৰু আনবোৰ ব্যক্তিৰ বাবে অসুবিধা সৃষ্টি কৰাৰ বাবেই গ্ৰেপ্তাৰ কৰা হয় ব্যক্তিকেইজনক ৷
আৰক্ষীৰ এই কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে DMKৰ সম্পাদক এম কে ষ্টালিন আৰু লোকসভা সাংসদ কানিমঝীয়ে ৷ অন্যায়ৰ বিৰুদ্ধে মাত মতাটো প্ৰত্যকজন ব্যক্তিৰ অধিকাৰ ৷ সেয়েহে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে বুলিও শাসনাধীস্থ AIADMK চৰকাৰখনকো কটাক্ষ DMK নেতা দুজনৰ ৷