নেশ্যনেল ডেস্ক, ৪ জানুৱাৰী: কবিতা আৰু কেইবাটাও জনপ্ৰিয় গীতেৰে মালায়ালম সাহিত্য-সংস্কৃতিৰ ভঁৰাল সমৃদ্ধ কৰা মালায়ালম কবি তথা গীতিকাৰ অনিল পাণাচৰণৰ দেহাৱসান । COVID-19ত আক্ৰান্ত হোৱাৰ পিছতে অনিল পাণাচৰণক তিৰুৱনন্থপুৰমৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসা চলি থকাৰ মাজতে দেওবাৰে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় মালায়ালম কবিগৰাকীৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫১ বছৰ ।
আৰৱী কথাসহ কেইবাখনো ছবিৰ বাবে তেওঁ গীত ৰচনা কৰি থৈ গৈছে । অক্সেথ্ৰিয়ুড়ে আত্মগীতম, ৱালায়িল বীণা কিলকালকে ধৰি কেইবাটাও জনপ্ৰিয় কবিতাৰে তেওঁ ৰাইজৰ মনত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল । মৃত্যুৰ সময়ত তেওঁ পত্নী মায়া, তেওঁলোকৰ সন্তান মৈত্ৰেয়ী আৰু অৰুণক এৰি থৈ গৈছে । মালায়ালম কবিগৰাকীৰ মৃত্যুত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন আৰু বিৰোধী দলৰ নেতা ৰমেশ চেন্নিথালাই গভীৰ শোকপ্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালটিলৈ সমবেদনা জ্ঞাপন কৰে ।