অসম

assam

By

Published : Sep 24, 2019, 8:26 AM IST

ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ ইচ্ছাশক্তিয়ে অনুচ্ছেদ 370 বাতিল সম্ভৱপৰ কৰিলেঃ জে পি নাড্ডা

বিজেপিৰ সভাপতি জে. পি. নাড্ডায়ে সোমবাৰে মন্তব্য কৰে যে,জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণ সম্ভৱপৰ হৈ উঠাৰ মূল কাৰণ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ইচ্ছাশক্তি আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰণনীতি ৷ তেওঁ লগতে কয় যে, এই পদক্ষেপৰ ফলত কাশ্মীৰ উপত্যকাত শান্তি ওভটি অহাৰ লগতে আৰু বিকাশৰ পথ সুগম হৈ পৰিছে ৷

বিজেপিৰ সভাপতি জে. পি. নাড্ডা

নেশ্বনেল ডেস্ক, 24 ছেপ্টেম্বৰ : বিজেপিৰ সভাপতি জে.পি. নাড্ডায়ে সোমবাৰে মন্তব্য কৰে যে, জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণ সম্ভৱপৰ হৈ উঠাৰ মূল কাৰণ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ইচ্ছাশক্তি আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰণনীতি ৷ তেওঁ লগতে কয় যে,এই পদক্ষেপৰ ফলত কাশ্মীৰ উপত্যকাত শান্তি ওভটি অহাৰ লগতে আৰু বিকাশৰ পথ সুগম হৈ পৰিছে ৷

'জন জাগৰণ' শীৰ্ষক সভাত বক্তৃতা প্ৰদান কৰাৰ সময়তে এনেদৰে মন্তব্য কৰে নাড্ডায়ে ৷ পুনেৰ বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত ৷

তেওঁ লগতে মন্তব্য কৰে,অনুচ্ছেদটো একেটা দিনতে আইনত পৰিণত কৰা হ'ল যদিও এয়া এক দীঘলীয়া প্ৰক্ৰিয়া আছিল ৷ সকলো সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে এক দীঘলীয়া আলোচনাৰ কৰাৰ লগতে বিষয় সম্পৰ্কত মূল্যাংকণ কৰিবলগা হৈছিল ৷"

ABOUT THE AUTHOR

...view details