অসম

assam

ETV Bharat / bharat

PM-WANI আঁচনিয়ে ৱাই-ফাইৰ উপলব্ধতা উচ্চ হাৰত বৃদ্ধি কৰিব : প্ৰধানমন্ত্ৰী মোদী - পিএম ৱানি

বৃহস্পতিবাৰে কেবিনেটে পিএম-ৱানি (Wi-Fi Access Network Interface) আঁচনিৰ বাবে অনুমোদন প্ৰদান কৰিব ৷ এই আঁচনিখনে প্ৰযুক্তিৰে বিশ্বক সংশোধন কৰিব আৰু দেশজুৰি ৱাই-ফাইৰ উপলব্ধতা উচ্চ হাৰত বৃদ্ধি কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানিবলৈ দিয়ে ৷

PM Modi comments on PM-WANI scheme
PM-WANI আঁচনি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

By

Published : Dec 10, 2020, 7:23 AM IST

নিউজ ডেস্ক,10 ডিচেম্বৰ : কেবিনেটে বৃহস্পতিবাৰে অনুমোদন দিবলগীয়া পিএম-ৱানি (Wi-Fi Access Network Interface) আঁচনিখনে প্ৰযুক্তিৰে বিশ্বক সংশোধন কৰিব আৰু দেশজুৰি ৱাই-ফাইৰ উপলব্ধতা উচ্চহাৰত বৃদ্ধি কৰিব ৷ বুধবাৰে টুইটযোগে এই কথা সদৰি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

এই ৰাজহুৱা ৱাই-ফাই নেটৱৰ্কৰ যোগেদি ব্ৰডবেণ্ড ইণ্টাৰনেট সেৱা গ্ৰহণৰ ক্ষেত্ৰত কোনো অনুজ্ঞা মাচুল নাথাকিব ৷ এক চৰকাৰী বিবৃতি অনুসৰি ব্ৰডবেণ্ডৰ উপলব্ধতা আৰু ব্যৱহাৰে উপাৰ্জন, নিয়োগ, জীৱনৰ মানদণ্ড আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অধিক সুবিধা প্ৰদান কৰিব ৷

চৰকাৰী সূত্ৰই জনোৱা মতে, সামুহিক ৱাই-ফাইৰ প্ৰসাৰে নিয়োগ সৃষ্টি নকৰে ৷ ই ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগপতিৰ হাতত নিষ্পত্তিকৰণ উপাৰ্জন বৃদ্ধি কৰিব আৰু দেশৰ জিডিপি (মুঠ ঘৰুৱা উৎপাদন) বৃদ্ধি কৰিব ।

আনহাতে, ৰাজহুৱা ৱাই-ফাইৰ জৰিয়তে প্ৰসাৰ কৰা ব্ৰডবেণ্ড সেৱা হৈছে ডিজিটেল ইণ্ডিয়াৰ এক পদক্ষেপ আৰু তাৰ পৰিণাম বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে ।

লগতে পঢ়ক :কলকাতাত BSF আৰু BGBৰ মাজত উচ্চস্তৰীয় বৈঠক আৰম্ভ

ABOUT THE AUTHOR

...view details