অসম

assam

ETV Bharat / bharat

দেশবাসীক "নুৱাখাই জুহাৰ"ৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী তথা উপ-ৰাষ্ট্ৰপতিৰ - "নুৱা" মানে হৈছে "নতুন" আৰু "খাই" ৰ অৰ্থ "খোৱা

নুৱাখাই জুহাৰ হৈছে এক কৃষি ভিত্তিক উৎসৱ ৷ নুৱাখাই জুহাৰ দুটা শব্দৰ মিশ্ৰণ ৷ "নুৱা" মানে হৈছে "নতুন" আৰু "খাই" ৰ অৰ্থ "খোৱা" ৷ এই দিনটোত সকলোৱে পূজা-অৰ্চনা কৰি বিশেষ খাদ্য তৈয়াৰ কৰে ৷

'Nuakhai Juhar'
"নুৱাখাই জুহাৰ"

By

Published : Aug 23, 2020, 1:19 PM IST

নিউজ ডেস্ক, 23 আগষ্টঃ মৌচুমীৰ নতুন শষ্যক স্বাগতম জনোৱাৰ উদ্দেশ্যে ওড়িশা, ছট্টিশগড় আৰু চুবুৰীয়া কেবাখনো ৰাজ্যত উদযাপন কৰি অহা পৌৰাণিক উৎসৱ " নুৱাখাই জুহাৰ "ৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ দেওবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষকসকলক শুভকামনা জনোৱাৰ লগতে তেওঁলোকৰ সমৃদ্ধি আৰু সুস্বাস্থ্যৰ কামনা কৰে ৷

"নুৱাখাই জুহাৰ হৈছে কৃষকসকলৰ পৰিশ্ৰমক উদযাপন কৰা এক বিশেষ উৎসৱ ৷ তেওঁলোকৰ পৰিশ্ৰমে আমাক খাদ্য সামগ্ৰী যোগান ধৰি আহিছে ৷ এই শুভ দিনটোত সেই কৃষকসকলৰ সুস্বাস্থ্য আৰু সমৃদ্ধি কামনা কৰিলো " বুলি নিজ টুইটাৰ জৰিয়তে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃবাজেট ব্যয় সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ মন্তব্যক অপপ্ৰচাৰ আখ্যা ৰাজ্যিক বিজেপিৰ

নুৱাখাই জুহাৰ উপলক্ষে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱেও দেশবাসীক শুভকামনা জ্ঞাপন কৰে ৷ লগতে এই উৎসৱে সকলোৰে জীৱনলৈ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক বুলি টুইট কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

নুৱাখাই জুহাৰ হৈছে এক কৃষি ভিত্তিক উৎসৱ ৷ নুৱাখাই জুহাৰ দুটা শব্দৰ মিশ্ৰণ ৷ "নুৱা" মানে হৈছে "নতুন" আৰু "খাই" ৰ অৰ্থ "খোৱা" ৷ এই দিনটোত সকলোৱে পূজা-অৰ্চনা কৰি বিশেষ খাদ্য তৈয়াৰ কৰে ৷ ওড়িশাৰ সম্বলপুৰ জিলাত কৃষকসকলে উৎপাদন কৰা খাদ্য সামগ্ৰীৰ প্ৰথম খাদ্যভাস তৈয়াৰ কৰি তেওঁলোকৰ কৃষিৰ আৰাধ্য দেৱীগৰাকীক যাচে ৷ ইয়াৰোপৰি এই উৎসৱত স্থানীয় ৰাইজে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে ৷

ABOUT THE AUTHOR

...view details