অসম

assam

ETV Bharat / bharat

প্ৰাচীন তামিল গ্ৰন্থ 'তিৰুক্কুৰল' পঢ়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মক জনালে আহ্বান - বীৰত্ব, সন্মান,মৰ্যদাপূৰ্ণ আচৰণ তথা বিশ্বাস যোগ্যতা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা টুইটৰ জড়িয়তে যুৱ প্ৰজন্মক তামিল ভাষাৰ এখন প্ৰাচীন গ্ৰন্থ 'তিৰুক্কুৰল' পঢ়িবৰ বাবে জনালে আহ্বান । বৃহস্পতিবাৰে মোদীয়ে এটা টুইটৰ জড়িয়তে 'তিৰুক্কুৰল' গ্ৰন্থখনক এক উচ্চ বিচাৰ সমৃদ্ধ মহান আদৰ্শৰ দস্তাবেজ বুলি বৰ্ণনা কৰি এই গ্ৰন্থৰ পৰা প্ৰেৰণা ল'বৰ বাবে যুৱ প্ৰজন্মক আহ্বান জনালে পঢ়িবলৈ । উল্লেখ্য যে, তিৰুক্কুৰল' নামৰ এই প্ৰাচীন গ্ৰন্থখনত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বিশ্লেষণেৰে নিখুটভাৱে বৰ্ণনা কৰা হৈছে ।

PM urges youth to read Tamil classic 'Tirukkural'
প্ৰাচীন তামিল গ্ৰন্থ 'তিৰুক্কুৰল' পঢ়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মক জনালে আহ্বান

By

Published : Jul 16, 2020, 11:21 PM IST

নিউজ ডেস্ক, 16 জুলাই: বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা টুইটৰ জৰিয়তে এক উচ্চ বিচাৰ সমৃদ্ধ মহান আদৰ্শৰ দস্তাবেজ তামিল ভাষাৰ 'তিৰুক্কুৰল' নামৰ প্ৰাচীন গ্ৰন্থখন পঢ়ি এই গ্ৰন্থৰ পৰা প্ৰেৰণা ল'বৰ বাবে যুৱ প্ৰজন্মক জনালে আহ্বান । তামিল আৰু ইংৰাজী ভাষাত কৰা প্ৰধানমন্ত্ৰীৰ এই টুইটত তিৰুক্কুৰল' নামৰ এই প্ৰাচীন গ্ৰন্থখনক এখন প্ৰেৰণাদায়ক গ্ৰন্থ বুলি উল্লেখ কৰিলে ।

প্ৰাচীন তামিল গ্ৰন্থ 'তিৰুক্কুৰল' পঢ়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মক জনালে আহ্বান

এক উচ্চ বিচাৰ সমৃদ্ধ মহান আদৰ্শৰ দস্তাবেজ বুলি উল্লেখ কৰি প্ৰধান মন্ত্ৰী মোদীয়ে লিখিলে, গ্ৰন্থখনৰ প্ৰতিটো শব্দত আছে আশা আৰু জ্যোতি বিলাই দিয়াৰ শক্তি । মই বিচাৰো আমাৰ দেশৰ যুৱ প্ৰজন্মৰ প্ৰত্যেকেই এই মহান গ্ৰন্থখন পঢ়া উচিত ।

একেটা টুইটতে প্ৰধান মন্ত্ৰী মোদীয়ে তামিল ভাষাৰ এটি নিবন্ধৰ এখন ছবি শ্বেয়াৰ কৰি চলিত মাহৰ আৰম্ভনিতে লেহত তেওঁ ভাৰতীয় সেনাক সম্বোধন কৰি দিয়া ভাষণত এই প্ৰাচীন গ্ৰন্থখনৰ বিষয়ে উল্লেখ কৰাৰ কথাওঁ বৰ্ণনা কৰিলে । প্ৰধানমন্ত্ৰী গৰাকীয়ে পূৰ্বেও এই গ্ৰন্থৰ বিষয়ে উল্লেখ কৰি সমাজৰ সকলো স্তৰৰ লোকৰ বাবে পথ প্ৰদৰ্শকৰ ভূমিকা লোৱাত সহায়ক হ'ব বুলি কৈ আহিছে ।

3 জুলাইত লাডাখত উপস্থিত হোৱা প্ৰধান মন্ত্ৰীগৰাকীয়ে ভাৰতীয় সেনাবাহিনীৰ সন্মুখত দিয়া ভাষণতো 'তিৰুক্কুৰল' গ্ৰন্থখনৰ কথা উল্লেখ কৰি কৈছিল ভাৰতীয় সেনাই নিজৰ শক্তি প্ৰদৰ্শন আৰু সন্মানৰ সময়ত সদায় পৰম্পৰাক অনুসৰন কৰি আহিছে । সাধু-কবি তিৰুভল্লিবৰৰ 'মাৰামানম মাণ্ডা উৱাঝিচেলাভূ তেত্ৰাম ইয়ানা নাঙ্গে ইয়ামাম পাদাইকু' এই শ্লোকফাঁকিও ভাষণত উদ্ধৃত কৰিছিল ।

বীৰত্ব,সন্মান,মৰ্যদাপূৰ্ণ আচৰণ তথা বিশ্বাস যোগ্যতা,এই চাৰিটা গুণ যিকোনো দেশৰ সেনাৰ এক প্ৰতিবিম্ব আৰু ভাৰতীয় সেনাই এই কথাক সৰোগত কৰি সদায়েই আগুৱাই গৈছে। এই ধৰনে উল্লেখ কৰিলে প্ৰধান মন্ত্ৰী গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details