অসম

assam

ETV Bharat / bharat

বিদেশত আবদ্ধ থকা কেৰালাৰ লোক সকলক উদ্ধাৰৰ আহ্বান প্ৰধানমন্ত্ৰীলৈ - কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজায়ন

কৰ'ণা ভাইৰাচ সংক্ৰমণৰ পাচত ভাৰতে সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান চলাচলত নিষেধাজ্ঞা জাৰি কৰিছিল । সেয়ে বহু ভাৰতীয় লোক বিদেশত ৰৈ যাব লগীয়া হৈছিল । কেৰালাৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক আহ্বান জনাইছে যে, যি সকলে ভিছাৰ সহায়ত চাকৰিৰ বাবে বিদেশত গৈ আবদ্ধ হৈ আছে, তেওঁলোকক বিশেষ বিমানেৰে অনাৰ ব্যৱস্থা কৰিব লাগে ।

বিদেশত আবদ্ধ থকা কেৰালাৰ লোক সকলক উদ্ধাৰৰ বাবে আহ্বান প্ৰধানমন্ত্ৰীলৈ
বিদেশত আবদ্ধ থকা কেৰালাৰ লোক সকলক উদ্ধাৰৰ বাবে আহ্বান প্ৰধানমন্ত্ৰীলৈ

By

Published : Apr 14, 2020, 9:49 AM IST

নিউজ ডেস্ক, 14 এপ্ৰিলঃ কেৰালা চৰকাৰে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিশেষ বিমানৰ ব্যৱস্থা কৰি উপসাগৰীয় দেশত লক ডাউনৰ বাবে আবদ্ধ হৈ থকা কেৰালাৰ লোকসকলক উদ্ধাৰ কৰি ওভতাই আনিবলৈ অনুৰোধ জনাইছে ।

প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা এখন পত্ৰত এই অনুৰোধ জনাই কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজায়নে কয় যে, ভিছাৰ সহায়ত বিদেশত চাকৰি বিচাৰি যোৱা লোক সকলে চাকৰি অবিহনে বিদেশত চলিবলৈ যথেষ্ট কষ্টৰ সন্মুখিন হ'ব । সেয়ে তেওঁলোকক শীঘ্ৰেই ওভতাই অনাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ।

কৰ'ণা ভাইৰাচ সংক্ৰমণ ৰোধৰ বাবে লক ডাউন ঘোষণা কৰাৰ লগতে সমূহ আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল বাতিল কৰাত লোক সকল বিদেশত আবদ্ধ হৈ পৰে । সেয়ে বিশেষ বিমানৰ ব্যৱস্থা কৰি তেওঁলোকক ওভতাই আনিব লাগে । এই ক্ষেত্ৰত সমূহ স্বাস্থ্য জনিত আন্তঃৰাষ্ট্ৰীয় প্ৰটকল অনুকৰণ কৰি তেওঁলোকক অনাৰ পাচত স্বাস্থ্য পৰীক্ষা, কোৱাৰেন্টাইনৰ ব্য়ৱস্থা, সকলোবোৰ ৰাজ্যচৰকাৰে গ্ৰহণ কৰিব । -এইদৰে উল্লেখ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজায়নে । উল্লেখ্য যে, তেওঁ 11 এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ লগত হোৱা ভিডিঅ' কনফাৰেন্স বৈঠকত এই কথা প্ৰথমে দৃষ্টিগোচৰ কৰাইছিল ।

ABOUT THE AUTHOR

...view details