অসম

assam

By

Published : Dec 18, 2020, 9:41 AM IST

Updated : Dec 18, 2020, 11:11 AM IST

ETV Bharat / bharat

নতুন কৃষি আইনৰ সন্দৰ্ভত মধ্য প্ৰদেশৰ কৃষকক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিঙে ৰাজ্যখনৰ 35 লাখ কৃষকৰ একাউন্টত 1,600 কোটি টকাৰ সাহায্য প্ৰদাণ কৰিব বুলি জানিবলৈ দিছে মধ্য প্ৰদেশৰ এজন জেষ্ঠ প্ৰশাসনিক বিষয়াই ৷ এই অনুষ্ঠানতে কৃষি আইনৰ লাভজনক ব্যৱস্থাৰ সন্দৰ্ভত মধ্য প্ৰদেশৰ কৃষকৰ সৈতে শুক্ৰবাৰে এক আলোচনাত মিলিত হ'ব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ৷

pm-to-speak-on-benefits-of-agri-laws-in-address-to-mp-farmers
নতুন কৃষি আইনৰ সন্দৰ্ভত এমপিৰ কৃষকক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

নিউজ ডেস্ক, 18 ডিচেম্বৰ : নতুন কৃষি আইনৰ লাভজন ব্যৱস্থাৰ সন্দৰ্ভত মধ্য প্ৰদেশৰ কৃষকৰ সৈতে শুক্ৰবাৰে এক আলোচনাত মিলিত হ'ব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এই কথা সদৰি কৰিছে মধ্য প্ৰদেশৰ এগৰাকী জেষ্ঠ প্ৰশাসনিক বিষয়াই ৷

মধ্য প্ৰদেশৰ চৰকাৰ উদ্যোগত ৰাজ্যখনৰ ৰাইজেন জিলাত 'কৃষক কল্যান' শীৰ্ষক এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ এই অনুষ্ঠানতে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিঙে ৰাজ্যখনৰ 35 লাখ কৃষকৰ একাউন্টত 1,600 কোটি টকাৰ সাহায্য প্ৰদাণ কৰিব বুলি জানিবলৈ দিছে জেষ্ঠ প্ৰশাসনিক বিষয়া বিষয়াজনে ৷

তেওঁ কয়, অনুষ্ঠানত মুখ্য মন্ত্ৰীগৰাকীৰ ভাষণৰ পিচতে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কৃষক সকলক সম্বোধন কৰিব ৷ এই কনফাৰেন্সতেই নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখনৰ কৃষক সকলক উদ্দেশ্যি নতুন কৃষি আইনৰ সন্দৰ্ভত ভাষণ দিব বুলি সদৰি কৰে বিষয়া গৰাকীয়ে ৷

উল্লেখ্য যে, কেন্দ্ৰৰ নতুন কৃষি আইন বাতিলৰ দাবীত বিগত 22 দিন ধৰি শিংঘু সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে সহস্ৰাধিক কৃষকে ৷

লগতে পঢ়ক:প্ৰতিবাদী কৃষকক টোমৰৰ পত্ৰ পঢ়িবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ

Last Updated : Dec 18, 2020, 11:11 AM IST

ABOUT THE AUTHOR

...view details