নিউজ ডেস্ক, ১৮ জানুৱাৰী: গুজৰাটবাসীৰ বাবে আজি এক ঐতিহাসিক দিন। গুজৰাটৰ দুই মুখ্য চহৰ আহমেদাবাদ মেট্ৰ ৰেল' প্ৰকল্পৰ দ্বিতীয়টো পৰ্যায় আৰুচুৰাট মেট্ৰ ৰেল' প্ৰকল্পৰ ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । সোমবাৰে পুৱা ১০.৩০ বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মোডীয়ে ভূমি পূজন কৰিব। ইয়াৰ দ্বাৰা অনুকূল পৰিৱেশৰ লগতে সাৰ্বজনিক দ্ৰুত পৰিবহন সেৱা লাভ কৰিব পাৰিব গুজৰাটবাসীয়ে ।
আহমেদাবাদ মেট্ৰ ৰেল' প্ৰকল্পৰ দ্বিতীয়টো পৰ্যায়ৰ দুয়োটা দিশ (কৰিডৰ)ৰ গাণনিক দিশ প্ৰায় ২৮.২৫ কিলোমিটাৰ হ'ব । প্ৰথমটো দিশৰ মটেৰা ষ্টেডিয়ামৰ পৰা মহাত্মা মন্দিৰলৈ দৈৰ্ঘ ২২.৮ কিলোমিটাৰ আৰু দ্বিতীয়টো দিশ গুজৰাট ৰাষ্ট্ৰীয় আইন মহাবিদ্যলয় চমুকৈ জিএনএলইউৰ পৰা গুজৰাট আন্তঃৰাষ্ট্ৰীয় বিত্ত চহৰ চমুকৈ জিআইএফটিলৈ দৈৰ্ঘ ৫.৪ কিলোমিটাৰ । প্ৰায় ৫,৩৮৪ কোটি টকাৰ ব্যয় সাপেক্ষে এই প্ৰকল্প নিৰ্মাণ কৰা হৈছে ।