নিউজ ডেস্ক, 8 নৱেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে গুজৰাটৰ চুৰাট আৰু সৌৰাষ্ট্ৰৰ মাজত ৰৌপেক্স ফেৰী সেৱা উদ্বোধন কৰে। গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানীও উপস্থিত থাকে এই উদ্বোধনী অনুষ্ঠানত ।
এই ফেৰী সেৱাই চুৰাট আৰু সৌৰাষ্ট্ৰৰ মাজৰ দূৰত্ব ৩১৭ কিলোমিটাৰৰ(পথ) পৰা ৬০ কিলোমিটাৰলৈ হ্ৰাস কৰিব বুলি কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী মনসুখ মণ্ডাভিয়াই জানিবলৈ দিয়ে । উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় পৰিবহন মন্ত্ৰীগৰাকীয়ে কয় যে, সৌৰাষ্ট্ৰৰ বহু সংখ্যক লোকে চুৰাটত বসতি স্থাপন কৰিছে আৰু হীৰা উদ্যোগত কাম কৰি আছে । এই পথেৰে দৈনিক প্ৰায় 5,000 বাছ চলাচল কৰে আৰু যাতায়তৰ বাবে প্ৰায় 10ৰ পৰা 12 ঘণ্টা সময় লাগে ৷