অসম

assam

ETV Bharat / bharat

কোচিন-মাংগালুৰু গেছ পাইপলাইন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে - গেইল(ইণ্ডিয়া) লিমিটেড

'এক দেশ, এক গেছ গ্ৰীড' লক্ষ্য়ৰে গুৰুত্বপূৰ্ণ প্ৰকল্পটো মঙলবাৰে দেশবাসীক উদ্দেশ্য়ি মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । প্ৰকল্পটো এক ভিডিঅ কনফাৰেন্সিঙৰ মাধ্য়মেৰে দিনৰ ১১ বজাত মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে । কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান এই অনুষ্ঠানত উপস্থিত থাকিব ।

৫ জানুৱাৰীত মুকলি হ'ব কোচি-মঙ্গলুৰু প্ৰাকৃতিক গেছ পাইপ লাইন প্ৰকল্প
৫ জানুৱাৰীত মুকলি হ'ব কোচি-মঙ্গলুৰু প্ৰাকৃতিক গেছ পাইপ লাইন প্ৰকল্প

By

Published : Jan 3, 2021, 7:47 PM IST

নিউজ ডেস্ক, 3 জানুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ আন এক উল্লেখযোগ্য় প্ৰকল্প হৈছে কোচিন-মাংগালুৰু প্ৰাকৃতিক গেছ পাইপ লাইন প্ৰকল্প । 'এক দেশ, এক গেছ গ্ৰীড' লক্ষ্য়ৰে এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো মঙলবাৰে দেশবাসীক উদ্দেশ্য়ি মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । ভাৰতৰ কেৰালা আৰু কৰ্ণাটক ৰাজ্য় দুখন সামৰি লোৱা এই প্ৰকল্পটো এক ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্য়মেৰে দিনৰ ১১ বজাত মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে । কৰ্ণাটকৰ ৰাজ্য়পাল বজুভাই ভাল্লা, মুখ্য়মন্ত্ৰী বি এচ য়েডিয়ুৰাপ্পা, কেৰালাৰ ৰাজ্য়পাল আৰিফ মহম্মদ খান আৰু কেৰালাৰ মুখ্য়মন্ত্ৰী পিন্নাৰাই বিজয়ন উপস্থিত থাকিব এই অনুষ্ঠানত । কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানো এই অনুষ্ঠানত উপস্থিত থাকিব ।

উল্লেখ যে, গেইল(ইণ্ডিয়া) লিমিটেডে ৪৫০ কিলোমিটাৰ দৈৰ্ঘ্য়ৰ এই পাইপ লাইন নিৰ্মাণ কৰিছে । যাৰ পৰিবহণ ক্ষমতা প্ৰতিদিনে ১২ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ আৰু এই পাইপ লাইনৰ জৰিয়তে কোচিনৰ তৰল প্ৰাকৃতিক গেছ ৰেগুচিফিকেচন টাৰ্মিনেলৰ পৰা তৰলাকৃত প্ৰাকৃতিক গেছ বিভিন্ন জিলাৰ মাজেৰে প্ৰেৰণ কৰা হ'ব মাংগালুৰুলৈ । প্ৰায় ১২ লাখৰ কৰ্ম সংস্থাপনৰ জৰিয়তে নিৰ্মাণ হোৱা এই প্ৰকল্পটোত ব্য়য় হৈছে প্ৰায় ৩ হাজাৰ কোটি টকা ।

জানিব পৰা মতে, প্ৰায় ১০০ৰো অধিক জলাশয়ৰ মাজেৰে যোৱা এই প্ৰকল্পটো নিৰ্মাণত অভিযন্তাসকলে বিভিন্ন প্ৰত্য়াহ্বানৰ সন্মুখীন হৈছে । ইফালে এই প্ৰকল্পৰ জৰিয়তে ৰাইজে কম খৰছত আৰু প্ৰকৃতিৰ প্ৰতি সুৰক্ষিত পিএনজি আৰু চিএনজি আকাৰে ঘৰে ঘৰে গেছ লাভ কৰিব । প্ৰকল্পটোৰ এক বিশেষ ব্য়ৱস্থাৰ বাবে ই বায়ু প্ৰদূষণো কম কৰিব বুলি দাবী কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই ।

লগতে পঢ়ক :কেৰালাত বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাত নিহত 5 গৰাকী

ABOUT THE AUTHOR

...view details