নিউজ ডেস্ক, 18 মে‘ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ঘুৰ্ণীবতাহ "আম্ফান"ৰ বৰ্তমানৰ স্থিতিকলৈ গৃহ মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰাধিকৰণৰ সৈতে এক উচ্চস্থৰীয় বৈঠকত মিলিত হব ৷ বিয়লি চাৰি বজাত হবলগীয়া এই বৈঠকত দেশৰ কিছু প্ৰান্তত উৎপন্ন আম্ফান ঘুৰ্ণীবতাহৰ স্থিতিৰ সমীক্ষা কৰা হব ৷
"আম্ফান"ৰ স্থিতিকলৈ প্ৰধানমন্ত্ৰীৰ বৈঠক - ভাৰতৰ বতৰ বিজ্ঞান বিভাগ
"আম্ফান" ঘুৰ্ণী বতাহে 20 মে‘ৰ দুপৰীয়া অথবা বিয়লিৰ ভাগত 155-165 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিৰে উত্তৰ-পূৰ্বীয় দিশেৰে আগবাঢ়়ি ধীগা-থিয়া দ্বীপৰ মাজেৰে পাৰ হ'ব ৷
"আমফান"ৰ স্থিতিকলৈ গৃহ মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰাধিকৰণৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ অধ্যক্ষ জেনেৰেল মৃত্যুঞ্জয় মোহপাত্ৰই কয় যে, বংগৰ উপকুলত "আম্ফান" ঘুৰ্ণীবতাহে দুপৰীয়া 2,30 বজাত এক ভয়ংকৰ ঘুৰ্ণীবতাহলৈ ৰূপান্তৰিত হয় ৷ তদুপৰি এই ঘুৰ্ণীবতাহে 20 মে‘ৰ দুপৰীয়া অথবা বিয়লিৰ ভাগত 155-165 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিৰে উত্তৰ-পূৰ্বীয় দিশেৰে আগবাঢ়়ি ধীগা-থিয়া দ্বীপৰ মাজেৰে পাৰ হব ৷
লগতে পঢ়ক : আগন্তুক 6 ঘণ্টাৰ ভিতৰত পাবহি " আম্ফান " !
Last Updated : May 18, 2020, 8:39 PM IST