অসম

assam

ETV Bharat / bharat

CAA ৰ প্ৰতিবাদৰ মাজতে পশ্চিমবংগত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী - CAA ৰ প্ৰতিবাদৰ মাজতে পশ্চিমবংগত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী

শনিবাৰে পশ্চিমবংগত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোডী ৷ দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিমবংগত উপস্থিত হ'বলগা প্ৰধানমন্ত্ৰী গৰাকীয়ে বহুকেইটা অনুষ্ঠানত উপস্থিত থাকিব ৷

পশ্চিমবংগ ভ্ৰমণ
প্ৰধানমন্ত্ৰী মোডী

By

Published : Jan 11, 2020, 4:44 PM IST

Updated : Jan 11, 2020, 5:12 PM IST

নেশ্যনেল ডেস্ক, 11 জানুৱাৰী :শনিবাৰে দুদিনীয়া ভ্ৰমণৰে পশ্চিমবংগত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ নাগৰিকত্ব সংশোধনী আইনক (CAA) লৈ পশ্চিমবংগত উত্তাল প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে ভ্ৰমণ কৰিব পশ্চিমবংগ ৷ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণকলৈ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে বুলি জানিব পৰা গৈছে ৷

বহুকেইটা বাওঁপন্থী সংগঠনে প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণকলৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ক'লা পতাকা প্ৰদৰ্শন কৰিব বুলি ইতিমধ্যেই ঘোষণা কৰিছে ৷

এই সম্পৰ্কত চৰকাৰী তথ্যই জানিবলৈ দিয়ে, "আমি প্ৰধানমন্ত্ৰী গৰাকীৰ ভ্ৰমণকলৈ সকলো ধৰণৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছো ৷ সেয়েহে শনিবাৰে বিয়লি বিমান বন্দৰৰ পৰা তেওঁৰ যোৱা পথত বেৰিকেড নিৰ্মান কৰা হৈছে ৷ সেই সময়ছোৱাত অতিৰিক্ত সুৰক্ষা ব্যৱস্থাৰো যোগাৰ কৰা হৈছে ৷"

প্ৰধানমন্ত্ৰী মোডীৰ পশ্চিমবংগ ভ্ৰমণকলৈ প্ৰতিবাদ

উল্লেখ্য যে, যোৱা মাহৰ পৰা CAA ৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্যখন প্ৰতিবাদত উত্তাল হৈ আছে ৷ প্ৰতিবাদকাৰীয়ে ৰেলৱে' সম্পত্তি ধ্বংস কৰাৰ লগতে বাহনত অগ্নি সংযোগ আৰু ৰাস্তা-পথ আৱদ্ধ কৰি ৰাখিছিল ৷

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পূৰ্বৰ পৰাই মন্তব্য কৰি আহিছে যে, তেওঁ নিজৰ ৰাজ্যত CAA কাৰ্যকৰী হ'বলৈ নিদিয়ে ৷

প্ৰথমেই প্ৰধানমন্ত্ৰী গৰাকীয়ে বিমান বন্দৰৰ পৰা ঐতিহ্যমণ্ডিত কাৰেন্সী বিল্ডিঙত উপস্থিত হ'ব আৰু এক অনুষ্ঠানৰ উদ্বোধন কৰিব ৷

প্ৰধানমন্ত্ৰী মোডীৰ পশ্চিমবংগ ভ্ৰমণ

ইয়াৰ পাচতে হাওৰা দলঙত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাচতে ৰামা কৃষ্ণ মিছনৰ আন্তঃৰাষ্ট্ৰীয় মুখ্য কাৰ্যালয়ত নদী পথেৰে ভ্ৰমণ কৰি বেলুৰ মঠত উপস্থিত হ'ব ৷

শনিবাৰৰ নিশাটো মোডীয়ে ৰাজ ভৱনত কটাব আৰু দেওবাৰে পুৱাই কলিকতা পৰ্ট ট্ৰাষ্টৰ 150 সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকিব ৷

সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, দেওবাৰে প্ৰধানমন্ত্ৰী মোডী আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মাজত এখন আলোচনা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ কিন্তু এই কথা বৰ্তমানেও নিশ্চিত হোৱা নাই বুলিও জানিবলৈ দিয়ে সূত্ৰটোৱে ৷ দেওবাৰে বিয়লি নতুন দিল্লীলৈ উৰা মাৰিব প্ৰধানমন্ত্ৰী মোডী ৷

আৰু পঢ়ক : 5 মিনিটৰ ব্যৱধানত কেৰালাত ধ্বংস দুটাকৈ অট্টালিকা

Last Updated : Jan 11, 2020, 5:12 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details