অসম

assam

ETV Bharat / bharat

পণ্ডিত দিনদয়াল বিশ্ববিদ্যালয়ৰ অষ্টম সমাবৰ্তনত প্ৰধানমন্ত্ৰী মোডীৰ সম্বোধন - অষ্টম সমাবৰ্তন সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ

পুৱা 11 বজাত পণ্ডিত দিনদয়াল বিশ্ববিদ্যালয়, গান্ধীনগৰৰ (PDPU) অষ্টম সমাবৰ্তনত সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই সমাবৰ্তন সম্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

পণ্ডিত দিনদয়াল বিশ্ববিদ্যালয়ৰ অষ্টম সমাবৰ্তন সম্বোধন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

By

Published : Nov 21, 2020, 12:22 PM IST

নেশ্যনেল ডেস্ক, 21 নৱেম্বৰ :আজি পুৱা 11 বজাত পণ্ডিত দিনদয়াল বিশ্ববিদ্যালয়, গান্ধীনগৰৰ (PDPU) অষ্টম সমাবৰ্তন সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই সমাবৰ্তন সম্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

এই সমাবৰ্তনতে প্ৰধানমন্ত্ৰী মোডীয়ে 'মনক্ৰিষ্টেলিন সৌৰ ফটো ভল্টেনিক পেনেলৰ 45 মেগাৱাটৰ প্লান্ট' আৰু 'জল প্ৰযুক্তি কেন্দ্ৰ'ৰ আধাৰশিলা স্থাপন কৰে ৷ ইয়াৰোপৰি, ইনোভেছন আৰু ইনকিউবেচন চেন্টাৰ-টেকন'লোজী বিজনেছ ইনকিউবেচন', ট্ৰান্সলেশ্যনেল ৰিচাৰ্চ চেন্টাৰ আৰু স্পৰ্টছ কমপ্লেক্স উদ্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰৰ জৰিয়তে কয়, "21 নৱেম্বৰৰ পুৱা 11 বজাত PDPU, গান্ধীনগৰৰ সমাবৰ্তন সম্বোধন কৰিম ৷ ইয়াৰোপৰি গৱেষণা, উদ্ভাৱন আৰু শিক্ষাৰ বহুকেইটা কেন্দ্ৰৰ উদ্বোধনী কৰিম ৷"

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এক বিবৃতিযোগে জানিবলৈ পোৱা অনুসৰি, এই সমাবৰ্তনত 2,600 ছাত্ৰই ডিগ্ৰী/ডিপ্লমা লাভ কৰিব ৷

উল্লেখ্য যে, 2007 চনৰ 4 এপ্ৰিলত ৰাজ্যিত অধিনিয়মৰ অধীনত এক ব্যক্তিগত বিশ্ববিদ্যালয় হিচাপে স্থাপন হৈছিল পণ্ডিত দিনদয়াল পেট্ৰলিয়াম বিশ্ববিদ্যালয় ৷ এই বিশ্ববিদ্যালয়ে বিজ্ঞান, প্ৰযুক্তিবিদ্যা, মেনেজমেন্ট আৰু মানৱ বিজ্ঞান বিভাগৰ শিক্ষা প্ৰদান কৰে ৷

লগতে পঢ়ক :ঋতুস্ৰাৱ আৱৰ্জনাৰ পৰিৱেশ অনুকূল নিষ্কাষণৰ বাবে প্ৰযুক্তিগত হস্তক্ষেপৰ প্ৰয়োজন

ABOUT THE AUTHOR

...view details